মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনৰ ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ হ‘বলগীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ভোটগণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু জিলা বিষয়াসকলে যাৱতীয় প্রস্তুতি গঢ়ি তুলিছে। অসমৰ বঙাইগাঁও, ছিদলী, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৮ বজাত আটাইকেইটা সমষ্টিত একেলগে ভোটগণনা আৰম্ভ হ‘ব। ভোটগণনাৰ বাবে ৮ টা হল সাজু কৰা হৈছে। ইয়াৰে ই ভি এমৰ ভোটগণনাৰ বাবে মুঠ ৬৮ খন টেবল সাজু কৰি তোলা হৈছে। ভোটগণনা প্ৰক্ৰিয়াত ৩৫০ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীক নিয়োজিত কৰা হৈছে। কাইলৈ প্ৰথমে প‘ষ্টেল বেলট আৰু ৮৫ বছৰ বয়সৰ ঊৰ্ধৰ লোকসকলে ঘৰতে ভোটদান কৰা বেলটবোৰ গণনা কৰা হ‘ব। তাৰ পাছতে ই ভি এমৰ ভোটগণনা আৰম্ভ হ‘ব। সংশ্লিষ্ট জিলা প্রশাসনসমূহে কাইলৈৰ ভোট গণনাৰ বাবে কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। এই সমষ্টিকেইটাৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।
Site Admin | November 22, 2024 5:56 PM | by-election