ডাউনলোড
মোবাইল এপ

android apple
signal

November 11, 2024 12:00 PM | Assam | by-election

printer

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ পৰহিলৈ হ’বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰিব। মাজত মাত্ৰ ৮ ঘণ্টা বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আন সমষ্টিকেইটাৰ দৰে চামগুৰি সমষ্টিতো উপ-নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে নির্বাচনী নীতি-নির্দেশনাসমূহ বলৱৎ কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে। সমষ্টিটোত এইবাৰ মুঠ ১ লাখ ৮০ হাজাৰ ৪৪৮ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৯১ হাজাৰ ৩০৪ গৰাকী পুৰুষ, ৮৯ হাজাৰ ১৩৩ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। উপ-নির্বাচনৰ বাবে সমষ্টিটোৰ ১৯৭ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই উপ-নির্বাচনত ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এন ডি এ, কংগ্ৰেছ আৰু বিপিএফৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই নির্বাচন হ’বলগীয়া অঞ্চলসমূহত ভোটদাতাক আকৰ্ষণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ধলাই আসনৰ বাবে ৮ গৰাকী, চামগুৰিৰ বাবে ১১ গৰাকী আৰু চিদলী আসনখনৰ বাবে ৩ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে, বিহালী আসনখনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বঙাইগাঁও আসনৰ বাবে ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ১০ লাখতকৈও অধিক ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। কংগ্ৰেছ আৰু এন ডি এ-য়ে আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এন ডি এ মিত্ৰজোঁটৰ ভিতৰত বিজেপিয়ে ৩ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে অসম গণ পৰিষদ আৰু ইউ পি পি এলে আন দুখন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ইফালে, ঝাৰখণ্ডত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰো আজি বিয়লি সামৰণি পৰিব। পৰহিলৈ ৰাজ্যখনৰ ৪৩টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক