ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনী সভাত অংশ লয়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীৰ্গৰাকীৰ হৈ পালাংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত নির্বাচনী সভাতো ভাষণ দিয়ে। বিহালী সমষ্টিত আজি মন্ত্ৰী পীযূষ হাজৰিকা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ৰঞ্জীত দত্ত, মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাই প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ আজি বঙাইগাঁৱত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। তেওঁ জনসাধাৰণক দুৰ্নীতিমুক্ত প্ৰশাসন আৰু উন্নয়নৰ স্বাৰ্থত দলৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ আহ্বান জনায়। সাংসদ ৰকিবুল হুছেইনে আজি চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ প্ৰচাৰ সভাত অংশ লয়। ইফালে চিদলী সমষ্টিতো বিপিএফ প্রার্থী বুদ্ধ বসুমতাৰীৰ হৈ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰত অংশ লয়।
Site Admin | November 5, 2024 7:36 PM | by-election
অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত
