ডাউনলোড
মোবাইল এপ

android apple
signal

October 21, 2024 12:07 PM | by-election

printer

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে কালি ৩টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিজেপিয়ে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিল্লুৰঞ্জন শৰ্মাক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছ দলে ধলাই সমষ্টিৰ বাবে ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ছিদলী সমষ্টিত সঞ্জীৱ ওৱাৰী, বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা আৰু চামগুৰি সমষ্টিৰ বাবে তানজিল হুছেইনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে বঙাইগাওঁ, ছিদলী, ধলাই, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ’ব। বঙাইগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছ দলে ব্রজেনজিৎ সিনহাক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে বিজেপি মিত্ৰজোঁটৰ অগপ দলে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা নাই। সমষ্টিটোৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা তেজছ ত্রিপাঠীৰ প্ৰতিবেদনঃ ভইচ কাষ্ট (তেজছ ত্রিপাঠী) আনহাতে ধলাই সমষ্টিৰ নিৰ্বাচনী প্রস্তুতি তথা প্রার্থিত্ব সন্দৰ্ভত আকাশবাণীৰ কৰিমগঞ্জৰ সংবাদদাতা জাকাৰিয়া ৰহমানে এইদৰে কয়- ভইচ কাষ্ট (জাকাৰিয়া ৰহমান ৩১ নম্বৰ ছিদলী বিধানসভা সমষ্টিৰ বাবেও নির্বাচনী তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সমষ্টিটোৰ বাবে কংগ্ৰেছ দলে ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে শাসকীয় মিত্রজোঁটে বৰ্তমানলৈ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা নাই। সমষ্টিটোৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আকাশবাণীৰ চিৰাঙৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে আমাক এনেদৰে জানিবলৈ দিয়ে- ভইচ কাষ্ট (কুঞ্জমোহন ৰায় উল্লেখযোগ্য যে উপ-নির্বাচন হ’বলগীয়া ৰাজ্যৰ সমষ্টিকেইটাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নগাঁও জিলাৰ ছপাশালসমূহত পুস্তিকা, পোষ্টাৰ আদি ছপাৰ ক্ষেত্ৰত জনপ্রতিনিধিত্ব আইন ১৯৫১ ৰ ১২৭ (ক) ধাৰাত থকা নিষেধাজ্ঞা সমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি ৰাজনৈতিক দল বা প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ দ্বাৰা নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে জনসমাগম, শোভাযাত্ৰা, ৰাজহুৱা সভা আদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পূৰ্বে অনুমতি ল’লেও কোনো দল অথবা প্ৰাৰ্থীয়ে নিশা দহ বজাৰ পাছত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। একেদৰে উচতনিমূলক, সাম্প্ৰদায়িক, ৰাষ্ট্ৰবিৰোধী, জাতীয়তা বিৰোধী ভাষণ বা শ্লোগান, আপত্তিজনক আৰু বিভিন্ন বর্ণ, ভাষিক বা ধর্মীয় গোটক আঘাত হানিব পৰা বিষয় লৈ যুগুত কৰা বেনাৰ- পোষ্টাৰ আদিও নিষিদ্ধ কৰা হৈছে। যিকোনো উদ্দেশ্যৰ বাবে অনুদান সংগ্ৰহৰ লগতে আগ্নেয়াস্ত্র, বিস্ফোৰক সামগ্রী আদি কঢ়িয়াই নিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে আইন প্রয়োগকাৰী কৰ্মী, চৰকাৰী বিষয়া-কৰ্মচাৰী আদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ’ব ।

অধিক পঢ়ক

সকলো চাওক