সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ’ব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি মণিপুৰৰ বাবে বিশেষ বাজেট উত্থাপন কৰাৰ কথা। যোৱা মাহত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সম্প্ৰতি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। এই পৰ্যায়ত ২০২৫-২৬ বৰ্ষৰ দাবী মঞ্জুৰী প্ৰস্তাৱ আৰু আনুসংগিক বিনিয়োজন বিধেয়ক সন্দৰ্ভত আলোচনা আৰু ভোটদান হ’ব। ইয়াৰ উপৰি বেংকিং আইন সংশোধনী বিধেয়ক, উপকূলীয় নৌ পৰিবহন বিধেয়ক, ত্রিভূৱন চহকাৰী বিশ্ববিদ্যালয় বিধেয়ক, প্ৰব্ৰজন তথা বিদেশী বিধেয়ক ২০২৫ আৰু ৰে’লৱে সংশোধনী বিধেয়ককে ধৰি কেইবাখনো বিধেয়ক আলোচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হ’ব।
বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিছিল আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অধিৱেশনৰ প্ৰথম পৰ্যায়ত পহিলা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উত্থাপন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উভয় সদনতেই ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিছিল। প্রথম পৰ্যায়ত লোকসভাত প্রায় কাম-কাজ সম্পাদনৰ হাৰ ১১২ শতাংশ আছিল। ৱাকফ্ সংশোধনী বিয়েধক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ প্ৰতিবেদনো লোকসভাত উত্থাপন কৰা হৈছিল।