July 22, 2024 7:31 PM | Budget 2024

printer

সংসদত কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল

সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰিব। আজি বিত্তমন্ত্ৰীগৰাকীয়ে সদনত চলিত বিত্তীয় বৰ্ষৰ বাবে ৬ দশমিক ৫ৰ পৰা ৭ শতাংশ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ সম্ভাৱনাৰে অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। ইপিনে, সদনত কাইলৈ দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰাৰ লগতে ২০৪৭ বৰ্ষৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে ভেটি নির্মাণ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী মোদীয়ে কয় যে লোকসভাৰ শেহতীয়া নিৰ্বাচনত দেশৰ জনসাধাৰণে তেওঁলোকৰ ৰায় দান কৰে আৰু এতিয়াৰেপৰা পৰৱৰ্তী ৫ বছৰৰ বাবে সকলো ৰাজনৈতিক দলেই একেলগে কাম কৰাটো অপৰিহাৰ্য হৈ পৰিল। বিৰোধী দলসমূহে নিজৰ বিফলতাক ঢাকি ৰখাৰ চেষ্টাৰে সংসদৰ সময় ব্যৱহাৰ কৰা বুলি অভিযোগ কৰি এনে নেতিবাচক ৰাজনীতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সমালোচনা কৰে। সদনৰ কাম-কাজ ৰাজনৈতিক দলসমূহৰ স্বাৰ্থত নহয়, বৰঞ্চ দেশৰ স্বাৰ্থতহে সম্পন্ন হয় বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ৰাজনৈতিক দলসমূহক তেওঁলোকৰ নিজস্ব কাৰ্যসূচীৰ পৰিৱৰ্তে দেশৰ সেৱাৰ হকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সাংসদসকলৰ প্ৰতি সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে দেশৰ ১৪০ কোটি নাগৰিকৰ প্ৰতি সেৱা আগবঢ়োৱাটোহে সদনৰ দায়িত্ব বুলি মত প্ৰকাশ কৰাৰ লগতে সংসদৰ প্ৰতিগৰাকী সদস্যক, বিশেষকৈ প্ৰথমবাৰৰ বাবে সদনলৈ অহা সদস্যসকলক তেওঁলোকৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ সুযোগ দিবলৈকো তেওঁ ৰাজনৈতিক দলসমূহৰ প্রতি আহ্বান জনায়। বিগত তিনিটা বছৰত দেশত একেৰাহে প্রায় ৮ শতাংশকৈ অর্থনৈতিক বিকাশ সাধন হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষক বিশ্বৰ অন্যতম দ্রুত বিকাশশীল অর্থনীতি বুলি অভিহিত কৰে। ইতিবাচক দৃষ্টিভংগী, বিনিয়োগ আৰু পাৰদৰ্শিতাৰ সুবাদত সম্প্ৰতি সুযোগৰ পৰিৱেশ শীৰ্ষত উপনীত হোৱা বুলিও তেওঁ মত প্ৰকাশ কৰে। শ্ৰী মোদীয়ে লগতে তেওঁ জনসাধাৰণক প্ৰদান কৰা নিশ্চয়তাসমূহ কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ চৰকাৰ অগ্ৰসৰ হৈছে বুলিও নিশ্চিত কৰি দিয়ে। বাজেট অধিৱেশনক দেশৰ গৌৰৱময় গণতান্ত্রিক যাত্ৰা পথৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্যস্থান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক দলসমূহক দলগত আদৰ্শৰ ঊৰ্ধলৈ উঠি পৰৱৰ্তী চাৰে চাৰি বছৰত দেশৰ প্ৰতি নিজক উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। সকলো ৰাজনৈতিক দলেই ২০২৯ চনৰ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক ৰণত নামি পৰিব পৰাকৈ কৃষক, যুৱ সম্প্ৰদায় আৰু সামগ্ৰিকভাৱে দেশক শক্তিশালী কৰাৰ কামত অংশগ্রহণ কৰা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে।