July 23, 2024 6:16 PM | Budget 2024

printer

লোকসভাত আজি নিৰ্মলা সীতাৰমনৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল

২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত সকলোৰে বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে ৯টা অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰা হৈছে। এই অগ্ৰাধিকাৰসমূহ হৈছে – উৎপাদনশীলতা আৰু কৃষিৰ স্থিতিস্থাপকতা, কৰ্ম সংস্থাপন আৰু দক্ষতাৰ বিকাশ, সৰ্বাত্মক মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, নিৰ্মাণ আৰু সেৱা, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন তথা পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি লোকসভাত বাজেট দাখিল কৰি কৃষি, অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডৰ বাবে ভালেমান ব্যৱস্থাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দুখীয়া, মহিলা, যুৱ প্ৰজন্ম আৰু কৃষকসকল উন্নয়নৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ অন্যতম। শ্ৰীমতী সীতাৰমনে প্রধানমন্ত্ৰীৰ কৰ্ম সংস্থাপন আৰু দক্ষতা বিকাশ পেকেজৰ ঘোষণা কৰে। এই পেকেজৰ অধীনত কৰ্ম সংস্থাপনৰ সৈতে জড়িত উদ্গনিমূলক ধনৰাশি প্ৰদানৰ তিনিখন আঁচনিৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। প্ৰথমখন আঁচনিৰ অধীনত সকলো আনুষ্ঠানিক খণ্ডৰ কৰ্ম শক্তি হিচাপে যোগদান কৰা সকলো নতুন ব্যক্তিক এমাহৰ দৰমহা প্ৰদান কৰা হব। দ্বিতীয়খন আঁচনিৰ জৰিয়তে নির্মাণ খণ্ডত কর্ম সংস্থাপন সৃষ্টি কৰা হব আৰু তৃতীয়খন আঁচনিৰ জৰিয়তে নিয়োগকর্তাসকলক সহায় আগবঢ়োৱা হব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশত শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে যথেষ্ট বিনিয়োগ কৰা হৈছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে মূলধনী ব্যয়ৰ বাবদ ১১ লাখ কোটিৰো অধিক টকা আবণ্টন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই ধন দেশৰ জিডিপিৰ ৩.৪ শতাংশ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহকো আন্তঃগাঁথনি উন্নয়নৰ বাবে এনেধৰণৰ উন্নয়নমূলক আঁচনি হাতত লবৰ বাবে উৎসাহ যোগাইছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে লগতে মহিলা আৰু শিশুৰ উপকাৰ সাধন কৰা বিভিন্ন আঁচনিৰ বাবে ৩ লাখ কোটিৰো অধিক টকাৰ প্ৰস্তাৱ দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অন্ধ্ৰপ্ৰদেশৰ মূলধনী আৱশ্যকতাৰ কথা অনুধাৱন কৰি কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত বহুপাক্ষিক উন্নয়ন সংস্থাসমূহৰ জৰিয়তে বিশেষ বিত্তীয় সহায়ৰ দিহা কৰিব আৰু ৰাজ্যখনৰ বাবে ১৫ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হব। তেওঁ কয় যে বিহাৰৰ নতুন বিমান বন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু ক্ৰীড়া আন্তঃগাঁথনি বিকশাই তোলা হব। তেওঁ কয় যে মূলধনী বিনিয়োগত সহায় হোৱাকৈ অতিৰিক্ত আবণ্টন দিয়া হব আৰু বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ পৰা বাহ্যিক সহায়ৰ বাবে বিহাৰ চৰকাৰে জনোৱা অনুৰোধ ত্বৰান্বিত কৰা হব। মন্ত্ৰীগৰাকীয়ে লগতে বাজেটত তৰুণ শাখাৰ অধীনত মুদ্ৰা ঋণ লাভ কৰা আৰু সফলতাৰে পৰিশোধ কৰা উদ্যমীসকলৰ বাবে ঋণ ধনৰাশি বৰ্তমানৰ ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বত ই-বাণিজ্য ৰপ্তানি কেন্দ্ৰ স্থাপনৰো প্ৰস্তাৱ দিয়ে। বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে ৫ বছৰত ১ কোটি যুৱক-যুৱতীক শীৰ্ষৰ ৫০০ টা কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদানৰ উদ্দেশ্যে এখন সৰ্বাত্মক আঁচনি ৰূপায়ণ কৰিব। একেদৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত ঔদ্যোগিক কৰ্মীসকলৰ বাবে ডর্মিটৰী অৰ্থাৎ সমূহীয়া শয়ন কক্ষত সুবিধা বিশিষ্ট ভাৰাঘৰৰ ব্যৱস্থা কৰা হব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত প্ৰস্তাৱ দিছে। শ্ৰীমতী সীতাৰমনে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ পূব প্ৰান্তৰ উন্নয়নৰ বাবে উদ্যোগিক কৰিডৰ স্থাপনতৰ সহায় আগবঢ়াব। চৰকাৰে ঘৰুৱা উৎপাদন আৰু গুৰুত্বপূৰ্ণ খনিজাত সামগ্ৰীৰ পুনর্ব্যৱহাৰ্যকৰণৰ বাবে গুৰুত্বপূৰ্ণ খনিজ অভিযান আৰম্ভ কৰিব। তেওঁ কয় যে প্রধানমন্ত্ৰী নগৰীয়া আবাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ১০ লাখ কোটি টকাৰে ১ কোটি দুখীয়া আৰু মধ্য বিত্ত শ্ৰেণীৰ পৰিয়ালৰ বাসগৃহৰ আৱশ্যকতা পূৰ্ণ কৰা হব। প্রধানমন্ত্রী গ্রামীণ চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় শীঘ্ৰে আৰম্ভ কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ কয় যে নাবালক সকলৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে ‘এন পি এছ বাৎসল্য’ আঁচনি আৰম্ভ কৰা হব। এন পি এছৰ লগত জড়িত বিষয়সমূহ চালি-জাৰি চোৱাৰ বাবে গঠন কৰা কমিটীখনে এইক্ষেত্ৰত চকুত লগা ধৰণৰ প্ৰগতি লাভ কৰিছে। বিত্তীয় দায়বদ্ধতা আৰু চৰকাৰৰ বিত্তীয় সম্পদসমূহৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ সুনিশ্চিত কৰি শীঘ্ৰেই এটা সমাধান ওলাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বাজেটত বেংকিং সেৱাৰ সম্প্ৰসাৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় ডাক ধনাদায় বেংকৰ ১০০ ৰো অধিক শাখা স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কৰ্কট ৰোগীসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে আৰু তিনিবিধ ঔষধক সীমা শুল্কৰ আওতাৰ বাহিৰত ৰখাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সোণ-ৰূপৰ ওপৰত আৰোপিত সীমা শুল্ক ৬ শতাংশলৈ আৰু হীৰাৰ ওপৰত আৰোপিত সীমা শুল্ক ৬.৪ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে কেতবোৰ বিশেষ বিত্তীয় সম্পদৰ ক্ষেত্ৰত মূলধনী মুনাফাৰ ৰেহাইৰ সীমা বছৰি ১ লাখ ২৫ হাজাৰ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়ে। ভাৰতীয় ষ্টার্টআপ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে সকলো শ্ৰেণীৰ বিনিয়োগকাৰীৰ বাবে এঞ্জেল টেক্স বিলুপ্তিৰ প্ৰস্তাৱ দিয়ে। ব্যক্তিগত আয়কৰৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত বিশেষ ঘোষণা কৰিছে। ৩ লাখ টকা পৰ্যন্ত আয়ৰ ক্ষেত্ৰত কোনোধৰণৰ কৰ প্ৰযোজ্য নহব। ৩ৰ পৰা ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৫ শতাংশ, ৭ৰ পৰা ১০ লাখ টকা পর্যন্ত ১০ শতাংশ, ১০ৰ পৰা ১২ লাখলৈকে ১৫ শতাংশ, ১২ৰ পৰা ১৫ লাখলৈকে ২০ শতাংশ আৰু ১৫ লাখ টকাৰ ওপৰৰ আয়ৰ ক্ষেত্ৰত ৩০ শতাংশ হব।

দেউলীয়া গোচৰৰ দ্ৰুত নিষ্পত্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উদ্দেশ্যে ন্যায়াধীকৰণ সুদৃঢ় কৰাৰ বাবে দেউলীয়া আৰু যোত্রহীনতা বিধিত প্রয়োজনীয় সাল-সলনি কৰা হব। ১ কোটি পৰিয়ালক প্ৰতিমাহে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগানৰ উদ্দেশ্যে মুধচত সৌৰ প্ৰকল্প স্থাপনৰ বাবে প্রধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা আৰম্ভ কৰা হৈছে। এই আঁচনিখনে ১ কোটি ২০ লাখৰো অধিক পঞ্জীয়ন আৰু ১৪ লাখ আবেদনৰ সৈতে বিপুল সঁহাৰি লাভ কৰিছে।

কেন্দ্রীয় বাজেট ২০২৪-২৫ত চৰকাৰে জনজাতি সম্প্ৰদায়ৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা ঘোষণা কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে জনজাতীয় সংখ্যাগৰিষ্ঠ গাঁও আৰু জিলাসমূহত চৰকাৰে ‘প্রধানমন্ত্রী জনজাতীয় উন্নত গ্ৰাম অভিযানআৰম্ভ কৰিব। ইয়াৰ দ্বাৰা ৫ কোটি জনজাতীয় লোক উপকৃত হব আৰু ৬৩ হাজাৰ গাঁও সামৰি লোৱা হব।

বিত্তমন্ত্রীয়ে গ্রাম্য আন্তঃগাঁথনিকে ধৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে ২.৬-৬ লাখ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে। বেংকিং সেৱাৰ সম্প্ৰসাৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় ডাক ধনাদায় বেংকৰ ১০০ ৰো অধিক শাখা স্থাপন কৰা হব। বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে এই বাজেটত অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উৎপাদন তথা শ্ৰমৰ প্রতি বিশেষ মনোযোগ দিয়া হৈছে আৰু এই খণ্ডৰ বাবে বিভিন্ন ব্যৱস্থা ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীয়ে লগতে কৈছে যে তৃতীয় পক্ষৰ নিশ্চয়তা অবিহনে যন্ত্ৰ পাতি আৰু সঁজুলি ক্ৰয়ৰ বাবে উদ্যোগীসকলক ঋণ নিশ্চয়তা আঁচনি প্ৰৱৰ্তন কৰা হব । অসম, বিহাৰ, হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু ছিকিমলৈ বান ব্যৱস্থাপনা প্ৰকল্পৰ সমৰ্থনত আর্থিক অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হয়। তেওঁ কয় যে, অসমত ব্ৰহ্মপুত্ৰৰ উপৰি অন্যান্য নৈ- উপনৈসমূহে সৃষ্টি কৰা বান পৰিস্থিতিৰ ব্যৱস্থাপন আৰু আনুসংগিক প্ৰকল্পৰ বাবে সাহায্য প্ৰদান কৰা হব। শেহতীয়াকৈ বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত ছিকিমকো কেন্দ্ৰীয় চৰকাৰে সাহায্য প্ৰদান কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত উত্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক