ডাউনলোড
মোবাইল এপ

android apple
signal

বিটিআৰ প্ৰশাসনৰ ডক্টৰেল ফেল’শ্বিপ আঁচনিৰ অধীনত আজিৰে পৰা প্ৰাৰ্থীসকলৰ পৰীক্ষণ আৰম্ভ

বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী পি এইচ ডি ডিগ্ৰীধাৰী ড০ বাশীৰাম বড়োৰ সোঁৱৰণত বিটিআৰ প্ৰশাসনে আৰম্ভ কৰা ডক্টৰেল ফেল’শ্বিপ আঁচনিৰ অধীনত আজিৰে পৰা প্ৰাৰ্থীসকলৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। এই ফেল’শ্বিপৰ বাবে আবেদন লাভ কৰা ১১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮৯ গৰাকী যোগ্য বিবেচিত হৈছিল। যোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত ৪৫ গৰাকী প্ৰাৰ্থীৰ পৰীক্ষণ আজি হোৱাৰ লগতে কাইলৈ বাকীসকলৰ পৰীক্ষণ অনুষ্ঠিত হ’ব। বিটিচিৰ শিক্ষা সঞ্চালক জগদীশ প্রসাদ ব্ৰহ্মই প্ৰকাশ কৰা মতে ৫০ গৰাকী যোগ্য প্ৰাৰ্থীলৈ এই আঁচনিৰ অধীনত উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ দিয়া হ’ব। প্ৰতিগৰাকী প্ৰাৰ্থীলৈ বছৰেকত এক লাখ ৮০ হাজাৰ টকা প্ৰদান কৰা হ’ব। প্ৰাৰ্থীসকলে তিনি বছৰৰ ভিতৰত গৱেষণা সম্পূৰ্ণ কৰিব লাগিব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক