ডাউনলোড
মোবাইল এপ

android apple
signal

February 18, 2025 1:00 PM | BTR

printer

ভাৰত-ভূটান সীমান্ত সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্ৰীৰ

বি টি আৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সৰলপাৰা আৰু ভাৰত-ভূটান সীমান্ত সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে লোকসভা নিৰ্বাচনৰ সময়ত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে সৰলপাৰা পথটো প্রায় ২৭ কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰিব। পথটো নিৰ্মাণৰ ক্ষেত্ৰত অতিৰিক্ত পুজিৰ প্ৰয়োজন হ’লে সেয়া ৰাজ্য চৰকাৰে যোগান ধৰিব বুলিও তেওঁ সভাত উল্লেখ কৰে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগত ইতিমধ্যে প্ৰস্তুত কৰা প্ৰাককলন সন্দৰ্ভত আলোচনা কৰি পথটো কিদৰে সুন্দৰকৈ নিৰ্মাণ কৰিব পৰা যায়, সেই বিষয়টো আলোচনা কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে। পথটো সম্পূৰ্ণ হৈ উঠিলে সৰলপাৰা, উল্টাপানী, বিছমুৰি আদি অঞ্চলৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি পথটোৱে সেই অঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলিও ড° শর্মাই আশা প্রকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে কালি কোকৰাঝাৰত বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে এটা ইস্কন মন্দিৰো মুকলি কৰে।

অধিক পঢ়ক

সকলো চাওক