ডাউনলোড
মোবাইল এপ

android apple
signal

December 30, 2024 6:08 PM | BTR

printer

বি টি আৰত আজি বিকাশৰ ৰূপৰেখা সন্নিৱিষ্ট নথি পুস্তক আনুষ্ঠানিকভাৱে প্ৰকাশ

অসমৰ বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বি টি আৰ চৰকাৰে আজি অঞ্চলটোত বসবাস কৰা ২৬টা জনগোষ্ঠীৰ বিকাশৰ বাবে প্ৰস্তুত কৰা বিকাশৰ ৰূপৰেখা সন্নিৱিষ্ট নথি পুস্তক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই ৰূপৰেখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বি টি আৰৰ এনে উদ্যোগৰ শলাগ লয় আৰু অঞ্চলটোত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকে বি টি আৰত বিৰাজ কৰা শান্তিৰ পৰিৱেশৰ মাজত উন্নয়নৰ পথত অগ্ৰসৰ হব বুলি আশা প্ৰকাশ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বি টি আৰ প্রশাসনে তেওঁলোকৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য সুচাৰূপে সম্পন্ন কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি আৰু সৌহার্দ্য বৃদ্ধি কৰি প্ৰগতিৰ পথত আগবাঢ়িব বুলি আস্থা প্ৰকাশ কৰে। আৰম্ভণিতে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এই ভৱিষ্যৎ ৰূপৰেখাৰ চমু অৱলোকন দাঙি ধৰে। বিভিন্ন গ্ৰন্থ আৰু নথিপত্ৰৰ বিস্তৃত অধ্যয়নৰ পাছত এই ৰূপৰেখা প্ৰস্তুত কৰা হৈছে বুলি বড়োৱে সদৰি কৰে। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীসকল অতুল বৰা, ডাঃ ৰণোজ পেগু, ৰণজিৎ কুমাৰ দাস, অশোক সিংহল, ৰণগৌৰা নাৰ্জাৰী, সাংসদ জয়ন্ত বড়ো আৰু দিলীপ শ‍ইকীয়া, বিশিষ্ট সাংবাদিক পেট্রিছিয়া মুখিম আৰু ২৬টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিবর্গৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান গৰাকীও উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক