বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে বিটিচিত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ লক্ষ্যৰে আজি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ উদ্যোগত কোকৰাঝাৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ প্ৰথম দিনা এটা মটৰ চাইকেল সমদল উলিওৱা হয়। আজি বিয়লিৰ ভাগত বডোফা সাংস্কৃতিক প্রকল্পত বড়োলেণ্ড এচিভাৰ্ছ এৱাৰ্ড সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহত অঞ্চলটোৰ উন্নয়নৰ প্ৰতি বিশেষ বৰঙণি আগবঢ়োৱা বিভিন্ন বিভাগৰ সৈতে জড়িত ৮৫ গৰাকী ব্যক্তিৰ লগতে আন ৫৬ গৰাকী ব্যক্তিক স্বীকৃতি প্ৰদান কৰি সন্মান জনোৱা হ’ব।
কাইলৈ দ্বিতীয় দিনটোত কোকৰাঝাৰ গ্ৰীণ ফিল্ডত আয়োজিত মুকলি সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে তেওঁ হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা বি টি চি ৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আবাসিক চৌহদো আনুষ্ঠানিকভাৱে মুকলি কৰিব।
চিৰাং জিলাৰ চিলী কাশীকোত্রা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি নিখিল বড়ো ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে দিনজোৰা কাৰ্যসূচীৰে পঞ্চম বি টি আৰ শান্তি চুক্তি দিৱস পালন কৰে। অনুষ্ঠানত বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ উপৰি ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এই দিৱস উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে। অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে বি টি আৰ চুক্তিৰ আন দফাসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত মন্ত্ৰী উৰ্খাও গৌড়া ব্রহ্মই কয়, যে এই চুক্তিৰ জৰিয়তে বি টি আৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি হৈছে।
তামুলপুৰ জিলাতো আজি বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে ইউ পি পি এল দলে মটৰ চাইকেল সমদল উলিয়ায়। ইয়াৰ পূৰ্বে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে বি টি আৰ শান্তিচুক্তিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ধন্যবাদ জনায়। তেওঁ লগতে অনাগত দিনত বি টি আৰবাসীয়ে শান্তি আৰু সম্প্ৰীতিৰে অঞ্চলটোক আগবঢ়াই লৈ যোৱাৰ পণ ল’ব লাগে বুলি উল্লেখ কৰে ৷