বি এছ এফৰ পাঞ্জাব ফ্ৰণ্টিয়াৰে অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ব’ৰ্ডাৰমেন মাৰাথন ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন কৰিছে। এই বাৰ্ষিক মাৰাথন অমৃতসৰৰ গ’ল্ডেন গেটত আৰম্ভ হৈ আটাৰী সীমান্তত অন্ত পৰিব। সীমান্তৱৰ্তী লোকসকলৰ সৈতে হাতে হাত ধৰি আগবঢ়াৰ উদ্দেশ্যে এই মাৰাথনৰ আয়োজন কৰা হৈছে। ৪২ কিলোমিটাৰৰ ফুল মাৰাথন, ২১ কিলোমিটাৰৰ হাফ মাৰাথন আৰু ১০ কিলোমিটাৰ এই তিনিটা শিতানত মাৰাথন অনুষ্ঠিত হ’ব। বি এছ এফে আয়োজন কৰা এই মাৰাথনৰ জৰিয়তে পাঞ্জাবৰ যুৱক-যুৱতীৰ স্বাস্থ্য আৰু মাদক দ্ৰব্যৰ প্রতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হ’ব। ইতিমধ্যে মাৰাথনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৪২ কিলোমিটাৰ আৰু ২১ কিলোমিটাৰ মাৰাথনত অংশগ্ৰহণ কৰিবলগীয়া মহিলা আৰু সীমান্তৰ জিলাসমূহৰ লোকসকলৰ বাবে বিনামূলীয়া পঞ্জীয়ন কৰা হ’ব। ফুল মাৰাথনৰ বিজয়ীক ডেৰ লাখ টকা, হাফ মাৰাথনৰ বিজয়ীক ৭৫ হাজাৰ টকা আৰু ১০ কিলোমিটাৰৰ বিজয়ীক ৫০ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
Site Admin | January 27, 2025 6:26 PM | BSF
অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ব’ৰ্ডাৰমেন মাৰাথন ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন
