প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে, ভাৰত আৰু চীনে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ নিৰ্দিষ্ট অঞ্চলৰ বিবাদসমূহ মীমাংসাৰ বাবে কূটনৈতিক আৰু সামৰিক পৰ্যায়ৰ বাৰ্তালাপত মিলিত হোৱা উচিত। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা আলোচনা ২০২৪ৰ মুকলি অনুষ্ঠানত শ্ৰী সিঙে কয় যে, দুয়োপক্ষৰ পাৰস্পৰিক আৰু সমান নীতিৰ আধাৰত বিশেষ পৰিৱেশত এনেধৰণৰ বাৰ্তালাপ হ’ব পাৰে। তেওঁ লগতে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ অঞ্চলসমূহত তহলদাৰী আৰু বিচৰণ কৰাৰ সন্দৰ্ভতো আলোচনাৰ পোষকতা কৰে। তেওঁ কয় যে, দুয়োপক্ষৰ মাজৰ ধাৰাবাহিক বাৰ্তালাপৰ জৰিয়তে এনে ধৰণৰ সমস্যা সমাধান কৰিব পৰা যাব। শ্ৰী সিঙে বৰ্তমানৰ প্ৰযুক্তিগত যুগত কম্পিউটাৰ, তথ্য-প্রযুক্তি, উপগ্রহীয় যোগাযোগ, কৃত্রিম বুদ্ধিমত্তা আৰু কোৱান্টাম কম্পিউটিং আদিয়ে গোলকীয় অৰ্থনীতিৰ আমূল পৰিৱৰ্তন সাধন কৰা বুলিও মন্তব্য কৰে। তেওঁ এনেধৰণৰ উদ্ভাৱনসমূহৰ লগতে আন জটিল অর্থনৈতিক শক্তিসমূহে বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি অধিক সমৃদ্ধ কৰিছে বুলি অৱগত কৰে। তেওঁ কয় যে, বিভিন্ন ধৰণৰ জটিলতা থকা সত্ত্বেও গোলকীয় অৰ্থনীতিয়ে প্ৰসাৰ লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে, উন্নয়ন আৰু সুৰক্ষাৰ প্ৰতি ভাৰতৰ বিশেষ দৃষ্টি আছে আৰু ইয়াৰ ফলত দেশ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠিছে।