ডাউনলোড
মোবাইল এপ

android apple
signal

December 27, 2024 11:24 AM | brahmaputra china dam

printer

ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত চীনৰ অনুমোদন

চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত অনুমোদন জনাইছে। চীনৰ চৰকাৰী বাতৰি সংস্থা শ্বিনহুৱাৰ উদ্ধৃতি দি হংকঙৰ পৰা প্ৰকাশিত ছাউথ চাইনা মর্নিং পোষ্ট কাকতে প্রকাশ কৰা অনুসৰি ইয়াৰলুং জাংগু নামেৰে পৰিচিত ব্ৰহ্মপুত্ৰৰ তীব্বতৰ ইংৰাজী ইউ আকৃতিৰ অংশত এই বৃহৎ জলবিদ্যুৎ প্রকল্প আৰু বান্ধটো নিৰ্মাণ কৰা হ’ব। এই বৃহৎ বান্ধ নিৰ্মাণ হৈ উঠিলে ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ গতি-প্রকৃতি সম্পূৰ্ণৰূপে সলনি হ’ব বুলি আশংকা কৰা হৈছে। বাতৰিটোত প্ৰকাশ কৰা অনুসৰি চীনে ইতিপূৰ্বে নিৰ্মাণ কৰা থ্ৰী গৰ্জেছ বান্ধতকৈও এই বান্ধ ৪ গুণ বৃহৎ হ’ব। প্ৰস্তাৱিত এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা চীনে ৩০০ বিলিয়ন কিলোৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই প্ৰকল্পটোৰ অংশ হিচাপে নামচা বাৰোৱা পৰ্বতৰ তলেৰে ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছটা সুৰংগ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ প্ৰায় ২০০০ কিউবিক মিটাৰ পানী বোৱাই নিয়া হ’ব। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদৰ প্রায় আধা জলৰাশি আনফালেৰে বোৱাই নিয়া হ’ব। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই বৃহদাকায় বান্ধৰ নির্মাণে অসম আৰু অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভয়ংকৰ ভাবুকি সৃষ্টি হ’ব বুলি আশংকা ব্যক্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক