ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

● ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো জার্মানীত অনুষ্ঠিত ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে।

বালাজী আৰু এস্কোবাৰৰ যুটীটোৱে কালি ছেমি ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত ইউক্রেইনৰ ডেনিছ মোলছানোভ আৰু নেডাৰলেণ্ডছৰ মেটৱে মিডিলকুপক ৬-৩, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত আৰু ইকুৱেডৰ যুটীটো আজি ফাইনেলত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ এৰেন্দ্ৰছ আৰু ৰবিন হাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক