ডাউনলোড
মোবাইল এপ

android apple
signal

February 8, 2025 1:12 PM | Boxing

printer

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লন বলত কালি অসমে তিনিটা পদক নিশ্চিত কৰিছে। নয়নমণি শ‍ইকীয়া আৰু বন্দিতা হাজৰিকাৰ মহিলাৰ ডাবলচ যুটীৰ লগতে পুৰুষৰ ছিংগলছত পুতুল সোণোৱাল তথা মেন ফৰ্চত বিতোপন ৰাভা, অমল টেৰণ, বিমান নাথ আৰু বিশ্বনাথ খাওন্দে চেমিফাইনেলত প্ৰৱেশ কৰিছে। আজি ৰাষ্ট্ৰীয় ক্রীড়াত দৌৰবিদ অম্লান বৰগোহাইয়ে অভিযান আৰম্ভ কৰিব। অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোহাই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে কালি নিজ নিজ শিতানত স্বর্ণ পদক অৰ্জন কৰে। তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শ‍ইকীয়াই ৰূপৰ পদক লাভ কৰিছে। মহিলাৰ একক আৰ্ছাৰীত টুটুমণি বড়ো আৰু আৰ্ছাৰী মিক্সড টীম শাখাত অসম দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অসমে এতিয়ালৈকে দুটা স্বর্ণ, চৌধ্যতা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৬টা পদক লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক