বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। নগদ ধনৰ বিবাদক লৈ শাসকীয় পক্ষৰ সদস্যসকলে সৃষ্টি কৰা উত্তাল পৰিৱেশৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। ইপিনে, বিজেপি সাংসদ নিশিকান্ত ডুবে, বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী আৰু অন্য কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বিৰুদ্ধে বিৰোধী পক্ষৰ সদস্যসকলে কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়৷ মধ্যাহ্ন ভোজন বিৰতিৰ পাছত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত শাসকীয় পক্ষৰ সদস্যসকলে কংগ্ৰেছ সাংসদ অভিষেক মনো সিংভীৰ আসনৰ পৰা টকাৰ গাঠ উদ্ধাৰ হোৱা বিষয় লৈ বিৰোধী পক্ষৰ বিৰুদ্ধে ধ্বনি দিবলৈ ধৰে। এনে অচলাৱস্থাৰ মাজতে উচ্চ সদনৰ সভাপতি হৰিবংশই সদস্যসকলক সদনৰ নিৰ্ধাৰিত কাম-চলাই যাবলৈ অনুৰোধ জনায় যদিও তেওঁৰ অনুৰোধ অথলে যায়। উপ-সভাপতিয়ে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
ইয়াৰ পূৰ্বে পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ সময়ত নিয়মীয়া পৰীক্ষাৰ সময়ত ৰাজ্যসভাত সিংভীৰ বাবে আবণ্টিত আসনৰ পৰা টকাৰ গাঠ উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে। সভাপতিগৰাকীয়ে কয় যে ঘটনাৰ বিষয়ে তেওঁক অৱগত কৰোৱা হৈছে আৰু ইয়াৰ তদন্ত চলি আছে।
ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেই কয়, যে তেওঁৰ দল তদন্তৰ পৰিপন্থী নহয়। অৱশ্যে তেওঁ তদন্ত চলি থকাৰ বাবে সভাপতিয়ে সাংসদ গৰাকীৰ নাম সদৰি কৰিব নালাগিছিল বুলি মন্তব্য কৰে। তদন্তৰ পাছতহে সিদ্ধান্তত উপনীত হ’ব পৰা যাব বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ প্ৰত্যুত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে তেওঁ সভাপতিৰ মন্তব্যৰ সৈতে একমত যে এই ঘটনাৰ গুৰুতৰ তদন্ত হ’ব লাগে আৰু সদস্যসকলে প্ৰকাশ কৰা চিন্তাও বাস্তৱিক। কোনোৱে ইয়াৰ বিৰুদ্ধে যোৱা উচিত নহয় বুলি তেওঁ মন্তব্য কৰে।
উচ্চ সদনৰ নেতা তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাইও একে ধৰণৰ মন্তব্য প্ৰকাশ কৰি কয় যে এয়া সঁচাকৈ নজিৰবিহীন ঘটনা আৰু সকলোৱে ইয়াক গৰিহণা দিয়া উচিত। এনে ধৰণৰ ঘটনাই উচ্চ সদনৰ গৰিমা লাঘৱ কৰে বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলেও বিষয়টো লৈ বিৰোধী পক্ষক তীব্র সমালোচনা কৰে।
প্ৰথম বাৰৰ বাবে কাৰ্যক্ৰমণিক স্থগিত ৰখাৰ পাছত দিনৰ ১২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত শ্ৰী ডুবেই আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত এগৰাকী বিনিয়োগকাৰী, বিদেশী সংবাদ মঞ্চ আৰু কংগ্ৰেছে ভাৰতৰ সাফল্য গাথা বিঘ্নিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ পুনৰ উত্থাপন কৰে। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষৰ সদস্যসকলে ৰাহুল গান্ধী আৰু অন্য কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে শ্ৰীডুবেই অনা অভিযোগৰ বিষয় লৈ সদন উত্তাল কৰি তোলে। এনে পৰিস্থিতিত সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে এটা আগশাৰীৰ ব্যৱসায় গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগ আৰু অন্য বিষয় লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। অধ্যক্ষ ওম বিৰলাই সদস্যসকলক প্রশ্ন কালৰ কাম-কাজ চলাই নিয়াত সহযোগিতা কৰিবলৈ অনুৰোধ জনায় যদিও তেওঁলোকে প্রতিবাদ অব্যাহত ৰাখে। এনে পৰিস্থিতিত অধ্যক্ষ সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়।