বৰপেটা জিলাৰ ষ্ট্ৰ’ব্ৰেৰীৰ খেতিয়কসকলৰ উৎপাদিত ফচল যাতে বজাৰৰ অভাৱত নষ্ট নহয়, তাৰ বাবে জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰই বিশেষ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ অংশ হিচাপে হাউলীৰ কৃষি বিজ্ঞান কেন্দ্ৰত আজি কৰ্মশালাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত সমীৰ চৌধুৰী নামৰ উদ্যোগী এজনে শুকান ষ্ট্ৰ’বেৰীৰ উৎপাদন আৰম্ভ কৰিছে। সমীৰ চৌধুৰীয়ে উৎপাদন কৰা শুকান ষ্ট্ৰ’বেৰীয়ে ইতিমধ্যে গ্রাহকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। সেয়েহে জিলাখনৰ ষ্ট্ৰ’বেৰীৰ উৎপাদকসকলক বজাৰৰ লগত সংযোগ কৰি দিয়া, শুকান ষ্ট’বেৰী উৎপাদন উদ্যোগলৈ সামগ্ৰী যোগান ধৰা বিষয়টো সন্দৰ্ভত কৰ্মশালাত গুৰুত্ব আৰোপ কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰটোৰ জ্যেষ্ঠ বিজ্ঞানী ডº অৰূপ কুমাৰ ডেকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই কর্মশালাখনত জিলাখনৰ প্ৰায় ৩০ গৰাকী ষ্ট্র’বেৰী উৎপাদকে অংশগ্ৰহণ কৰে ।
Site Admin | November 22, 2024 6:50 PM | Borpeta