বৰপেটা জিলাত সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ জিলা প্রশাসনে উদযাপন সমিতিসমূহক আহ্বান জনাইছে। এই উদ্দেশ্যে জিলাখনৰ আটাইকেইখন পৌৰসভাৰ কাৰ্যবাহী বিষয়াই উদযাপন সমিতিসমূহৰ লগতে ৰাইজকো এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা, বটল আদি পূজাথলীত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ বাৰ্তা সমাজক দিবলৈ আৰু পূজাথলীত তেনে সামগ্ৰী ব্যৱহাৰ নকৰাৰ ক্ষেত্ৰত উদ্যোক্তাসকলক আগতীয়াকৈ সজাগতা সৃষ্টিৰ পৰামৰ্শৰ বাবেও জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশে জাননী আগবঢ়াইছে।
Site Admin | September 14, 2024 6:55 PM | Borpeta
সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ বৰপেটা জিলা প্রশাসনৰ উদযাপন সমিতিসমূহক আহ্বান
