বৰপেটা সত্ৰত আজি পৰম্পৰাগত ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছৰ দিনটো নন্দোৎসৱ হিচাপে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰৰ চোতালত শিশুসকলে তেল মিহলি বোকা খেল খেলি আনন্দ প্ৰকাশ কৰে। আনহাতে সত্ৰৰ ৰীতি অনুসৰি পুৱাৰ গীত, ভটিমা গাই, বন্তি প্ৰজ্বলন, নাম প্ৰসংগত চৰণ, যুগল, পটল আৰু শিশু লীলাৰ ঘোষা গোৱা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি কীৰ্তন ঘৰৰ ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দোৎসৱ নাটখনৰ নৃত্য শিশুসকলে পৰিৱেশন কৰে। ইয়াৰ পাছতে দৈবজ্ঞই শ্রী কৃষ্ণৰ জন্মৰ গণনা প্রতিকীভাৱে সম্পন্ন কৰে। গায়ন-বায়ন প্ৰমুখ্যে ভকতসকলে নাম পৰিৱেশন কৰি গুৰু আসন প্রদক্ষিণ কৰে। এই প্ৰক্ৰিয়া মঠৰ চোতালত সামৰণি পৰাৰ লগে লগে নন্দোৎসৱৰ সামৰণি পৰে।
Site Admin | August 27, 2024 7:01 PM | Barpeta
পৰম্পৰাগত ৰীতি নীতিৰে বৰপেটা সত্ৰত আজি নন্দোৎসৱ পালন
