বৰপেটাৰ হোলী গীতৰ সমূহীয়া পৰিৱেশনৰ জৰিয়তে অভিলেখ গঢ়িবলৈ চৰকাৰে প্ৰয়াস কৰিব। ফে’চবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে গুৰু দুজনাৰ পৱিত্ৰ স্পৰ্শৰে এতিয়াও পাটবাউসী, দামোদৰদেৱ আৰু বৰপেটা সত্ৰ তথা বৰদোৱা থান জীপাল হৈ আছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অহা বছৰ দৌল উৎসৱৰ সময়ত সমূহীয়া হোলী গীত পৰিৱেশনৰ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, এইবাৰৰ দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰ পৰিদৰ্শন কালত জিলাখনৰ এগৰাকী কিশোৰীয়ে এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মুখ্যমন্ত্ৰী ড° শর্মাই সামাজিক মাধ্যম যোগে এই বিষয়টো প্রকাশ কৰাত অসম সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদকে আদৰণি জনাইছে।