August 16, 2024 1:18 PM | boom blust

printer

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত উগ্ৰপন্থী সংগঠনৰ বোমা সংস্থাপন

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ এই কার্যকলাপৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ আলফাৰ সেনা প্রধান পৰেশ বৰুৱাক আহ্বান জনাইছে। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমে বহু বছৰৰ মূৰত বৰ্তমান উন্নয়নৰ পথত অগ্ৰসৰ হৈছে আৰু এই ক্ষেত্ৰত ৰাজ্যত সুস্থ বিনিয়োগৰ পৰিৱেশ বর্তাই ৰখাটো অত্যন্ত জৰুৰী। মুখ্যমন্ত্রীয়ে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ সংগঠনটোক আহ্বান জনায়। আনহাতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত আলফা সদস্যসকল এই অসমৰে সন্তান তথা চৰকাৰখনো অসমৰ মানুহেৰে গঠন হোৱা বুলি উল্লেখ কৰে। তেওঁ বৰ্তমান অসমত বিৰাজ কৰা শান্তি আৰু প্ৰগতিৰ পৰিৱেশ বিনষ্ট নকৰি হত্যা-হিংসাবে অসমক পুনৰ পিছুৱাই লৈ নাযাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে উগ্রপন্থী সংগঠন আলফা স্বাধীনে কালি গুৱাহাটী মহানগৰীৰ আঠটা স্থানৰ লগতে ৰাজ্যখনৰ ২০ টাৰো অধিক স্থানত বোমা সংস্থাপন কৰা বুলি এটা বিবৃতিযোগে দাবী কৰাব পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে একেধৰণৰ বোমাসদৃশ সামগ্রী নলবাৰী, লখিমপুৰ আৰু নগাঁৱতো উদ্ধাৰ হৈছে আৰু সুৰক্ষিতভাৱে আঁতৰ কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সামগ্রী ফৰেনচিক পৰীক্ষাৰ বাবে পঠিওৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।স্বাধীনতা দিৱসৰ দিনাই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্রায় ৭০ কিলোগ্রাম গাঞ্জা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। গাঞ্জা সৰবৰাহকাৰী গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত আৰক্ষীয়ে তালাচী চলাওতে এই গাঞ্জসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত বর্তমানেও আবক্ষীৰ তদন্ত চলি আছে বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক