জার্মান সাহিত্যিক জেনী এৰ্পেনবেক আৰু অনুবাদক মাইকেল হফমেনলৈ চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

জার্মান সাহিত্যিক জেনী এৰ্পেনবেক আৰু অনুবাদক মাইকেল হফমেনে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে। লণ্ডনত মঙলবাৰে আয়োজিত এটা অনুষ্ঠানত এই বঁটা ঘোষণা কৰা হয়। জেনী এৰ্পেনবেকলৈ তেওঁৰ ব্যক্তিগত আৰু ৰাজনৈতিক উপন্যাস কাইৰছৰ বাবে এইবাৰৰ বুকাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে, একেখন উপন্যাসৰ জাৰ্মানী অনুবাদৰ বাবে মাইকেল হফমেনেও বুকাৰ জিনিবলৈ সমৰ্থ হৈছে। সেই অনুসৰি বঁটাটোৰ সৈতে আগবঢ়োৱা মুঠ ৫৩ লাখ টকা দুয়োৰে মাজত সমানে ভগাই দিয়া হ’ব। উল্লেখযোগ্য যে বুকাৰৰ দৰে সন্মান লাভ কৰা এৰ্পেনবেক হৈছে জাৰ্মানীৰ প্ৰথমগৰাকী সাহিত্যিক। বাৰ্লিনৰ প্ৰাচীৰ ভংগ কৰি জাৰ্মানীক একত্ৰিত কৰাৰ অন্তিম দিনটোতে বৰ্তমান ৫৭ বছৰীয়া এৰ্পেনবেকৰ জন্ম হৈছিল আৰু পূব বাৰ্লিনত তেওঁ ডাঙৰ-দীঘল হৈছিল। পূব জাৰ্মানীৰ অংশ হিচাপে থকা পূব বার্লিনত ডাঙৰ-দীঘল হোৱা জেনী এৰ্পেনবেকৰ জন্মৰ পাছতেই ১৯৯০ চনত জার্মানী একত্রিত হয়। এই ঘটনাৰ আধাৰতেই উপন্যাসখন ৰচনা কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক