ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 8:07 PM | Assam Book Fair

printer

বৰ্ণিল কাৰ্যসূচীৰে কাইলৈৰ পৰা ১২ দিনীয়া অসম গ্রন্থমেলা-২০২৪

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অসম গ্রন্থমেলা-২০২৪ অনুষ্ঠিত হ’ব। চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে এইবেলি খানাপাৰালৈ এই গ্রন্থমেলা স্থানান্তৰিত কৰা হৈছে। আজি খানাপাৰাৰ অসম গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা প্রকাশ কৰে ।

কাইলৈ বিয়লি ৩ বজাত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে সন্মানীয় সভাপতিৰূপে অংশগ্ৰহণ কৰিব। সভাখনত দিল্লীৰ বিশিষ্ট সাংবাদিক, ইতিহাসবিদ, লেখক হিন্দল সেনগুপ্ত, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডº ধ্ৰুৱজ্যোতি বৰা, ভাৰতীয় প্ৰকাশক আৰু পুথি বিক্রেতা সংস্থাৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব। গ্রন্থমেলাত প্ৰতিদিনে ভাষা-সাহিত্য-সংস্কৃতি, ইতিহাস তথা সমাজ জীৱনৰ বিভিন্ন প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনাসত্ৰ অনুষ্ঠিত হ’ব। এইবাৰ গ্ৰন্থমেলাৰ বিভিন্ন দিনৰ কাৰ্যসূচীত কলকাতাৰ বিশিষ্ট লেখক বিনোদ ঘোষাল, সংস্কৃত আৰু হিন্দী সাহিত্যৰ বিশিষ্ট কথাশিল্পী বলদেৱানন্দ সাগৰ, চলচ্চিত্ৰ পৰিচালক মনোজ শ্রীবাস্তৱ, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সচিব সচিদানন্দ যোশীয়ে বিশিষ্ট অতিথি হিচাপে ভাগ ল’ব। বছৰৰ শেষ দিনটোত গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠিত হ’ব। ৫ জানুৱাৰীত গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হ’ব শিশুৰ দিন গ্ৰন্থমেলাৰ প্ৰতিদিনৰ বাতৰি প্ৰচাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক