বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্রমোদ বড়োৱে সমগ্ৰ এলেকাটোৰ শান্তি স্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে। ২০২০ চনত পৰিষদীয় এলেকাৰ শাসনৰ দায়িত্বত অহাৰ পাছত তেওঁৰ চৰকাৰে শান্ত, সেউজ আৰু স্মাৰ্ট বি টি আৰ গঠনৰ উদ্দেশ্যে ভালেমান নীতি নির্ধাৰণ কৰি পৰিকল্পনা গ্রহণ কৰিছিল। অঞ্চলটোত প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ ৰক্ষাৰ জৰিয়তে অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ যোগেদি ৩৫ খন ধ্বজাবাহী আঁচনিৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত বিটিআৰ প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে, সেউজ অভিযানৰ আৰম্ভণিৰে ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৪ বৰ্গ কিলোমিটাৰ এলেকা পুনৰ বনানিকৰণ কৰি উদ্যানখনক আকৌ ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। এই সেউজ অভিযানৰ অধীনতে সমগ্ৰ বি টি আৰ এলেকাত প্লাষ্টিকৰ পৰা হোৱা সকলোধৰণৰ প্ৰদূষণ ৰোধৰ বাবে এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপৰি খৰালি যাতে মাটিৰ তলৰ পানীৰ স্তৰ অধিক তললৈ নামি যাব নোৱাৰে, তাৰবাবে পানীৰ উৎস বা বৰষুণৰ পানীৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি পানীৰ স্তৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়। সু-প্ৰশাসনৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা সচিবালয় পর্যন্ত সকলো কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে স্মার্ট বি টি আৰ অভিযান আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত সফল হ’বৰ বাবে সময়ে সময়ে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় বুলি বড়োৱে প্ৰকাশ কৰে। বড়োলেণ্ড চায়েন্স মিছন, য়ুথ এমপ্লইমেণ্ট মিছন আদি আঁচনিৰ জৰিয়তে পৰিষদীয় এলেকাৰ যুৱক-যুৱতীসকলৰ বিভিন্ন ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে ২৫ খন মহাবিদ্যালয়ত বিনামূলীয়াকৈ প্ৰশিক্ষণ আৰু কোচিঙৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰমোদ বড়োৱে জানিবলৈ দিয়ে।
Site Admin | September 11, 2024 6:34 PM | Bodoland