প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদন হোৱা ক’লা চাউলৰ প্ৰশংসা কৰি কয় যে, শেহতীয়াভাৱে এই চাউলবিধে ঔষধী গুণাগুণৰ বাবে উৎকৃষ্ট খাদ্যত পৰিণত হৈছে। নতুন দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক আন্তর্জাতিক কৃষি অর্থনীতিবিদ সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে, স্বাস্থ্যৰ উপকাৰিতাৰ বাবে ক’লা চাউলে জনপ্রিয়তা লাভ কৰিছে। তেওঁ কয় যে, ভাৰতৰ অৰ্থনৈতিক নীতিত কৃষিয়ে প্রধান গুৰুত্ব লাভ কৰি আহিছে আৰু প্ৰান্তীয় কৃষকসকলেই হৈছে দেশৰ খাদ্য সুৰক্ষাৰ মেৰুদণ্ড। আনহাতে চৰকাৰে বৃহৎ হাৰত ৰাসায়নিক সাৰ মুক্ত কৃষিত উদগনি দি অহাৰ কথা উল্লেখ কৰি শ্রীমোদীয়ে কয় যে, এই ক্ষেত্ৰত চৰকাৰৰ নীতিয়ে উত্তম ফল দেখুৱাইছে। তেওঁ লগতে কৃষি ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ তথা আঁচনিসমূহৰ বিষয়েও নিজৰ ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে, সুদীর্ঘ ৬৫ বছৰৰ বিৰতিৰ পাছত ভাৰতত এইবাৰ আন্তৰ্জাতিক কৃষি অর্থনীতিবিদৰ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত ৭৫ খন দেশৰ প্ৰায় এহেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।
Site Admin | August 5, 2024 12:28 PM | Black rice