বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক শাসনৰ ওপৰত গুৰুত্ব দিয়েঃ মোদী

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ ৱাৰাংগল লোকসভা সমষ্টিৰ এখন জনসভাত দলীয় প্ৰাৰ্থী আৰুৰী ৰমেশৰ সমৰ্থনত ভাষণ দিয়ে।

Image

তেওঁ কয় যে, দেশে দেহৰ বৰণৰ আধাৰত কোনো লোকৰ অপমান সহ্য নকৰে। তেওঁ কয় যে প্রাক্তন প্রধানমন্ত্রী পি ভি নৰসিমহা ৰাওক লৈ কংগ্ৰেছক সমালোচনা কৰে। প্ৰধানমন্ত্রী মোদীয়ে কয় যে, বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক শাসনৰ ওপৰত গুৰুত্ব দিয়ে। প্রধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক বিকাশৰ লক্ষ্যৰে ভোটদান কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছ চৰকাৰে কালেশ্বৰম জলসিঞ্চন প্ৰকল্পৰ কেলেংকাৰীত জড়িত বি আৰ এছ কৰ্মীসকলক ৰক্ষণাবেক্ষণ দিয়া বুলি প্রধানমন্ত্ৰীয়ে অভিযোগ তোলে। তেওঁ লগতে যিবোৰ ৰাজ্যত কংগ্ৰেছ আৰু আই এন ডি মিত্ৰজোটৰ সহযোগীসকলে চৰকাৰ গঠন কৰিছে। যাতে ৰাজ্যখনক এ টি এমলৈ পৰিৱৰ্তন কৰিছে বুলি অভিযোগ উত্থাপন কৰে।

ImageImage

ইয়াৰ পাছতে শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ ৰাজমপেটত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাওনা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি গৃহৰাজ্য হিমাচল প্ৰদেশত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীনাড্ডাই মান্দি জিলাৰ দিয়ার্গি ছেগলি গাঁও পঞ্চায়তৰ কোট বাগীত এখন ৰাজহুৱা সভাত অংশ লয়। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰি, হাৰদৈ আৰু কন্নৌজ জিলাত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰত অংশ লয়। তেওঁ লখিমপুৰ খেৰিৰ পৰা প্ৰতিদ্বন্দিতা কৰা দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ হকে ভোটদান কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচন নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী আসনত অলংকৃত কৰাৰ নিৰ্বাচনেই নহয় বৰং কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ অব্যাহত ৰখাৰ নির্বাচন। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কানপুৰ, এতা আৰু শাহজাহানপুৰ জিলাৰ প্ৰচাৰৰ ভাগ লয়। বিৰোধী কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাড়াই আজি উত্তৰ প্ৰদেশৰ ৰায়বলেীত এটা সমাবেশত অংশগ্ৰহণ কৰে। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত তেওঁ ন্যায় আৰু সুশাসনৰ বাবে কংগ্ৰেছ দলক জয়ী কৰাবলৈ আহ্বান জনায়। বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈ নেত্ৰীগৰাকীয়ে কয় যে, গেৰুৱা দলটোৱে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে আৰু তেওঁৰ দল ক্ষমতালৈ আহিলে আশাকর্মী, অঙ্গনবাড়ী কৰ্মী আৰু এম জি এনৰেগা কৰ্মীৰ পাৰিশ্ৰমিক দুগুণলৈ বৃদ্ধি কৰা হ’ব। ইপিনে, সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি শাহজাহানপুৰত দলীয় প্ৰাৰ্থীৰ হ’কে নির্বাচনী সভাত অংশ লয়। বিজেপিক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে, দলটোৱে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। পাছত তেওঁ ফাৰুখাবাদত এখন জনসভাক সম্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক