ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২ খন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে

♦ দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে দুখন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে এখন আসনত জয়লাভ কৰাৰ উপৰি ৯৮ খন আসনত আগবাঢ়ি আছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজন হ’ব। ৰাজস্থানৰ জয়পুৰ চহৰ সমষ্টিত বিজেপিৰ মঞ্জু শৰ্মা আৰু কৰ্ণাটকৰ চিত্ৰদুৰ্গ সমষ্টিত বিজেপিৰ গোবিন্দ মাকথাপ্পা কার্জ’ল বিজয়ী হৈছে। আনহাতে, পাঞ্জাবৰ জলন্ধৰ সমষ্টিত কংগ্ৰেছৰ চৰণজিত সিং চন্নীয়ে জয়লাভ কৰিছে। ইপিনে, কেৰালাৰ আলাথুৰ সমষ্টিত চি পি এমৰ কে ৰাধাকৃষ্ণণ বিজয়ী হৈছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্রার্থী অজয় ৰায়তকৈ ১ লাখ ৪০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ গুজৰাটৰ গান্ধীনগৰ সমষ্টিত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ সৌনল পেটেলতকৈ ৬ লাখ ৭০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। পোৰবন্দৰ সমষ্টিত বিজেপিৰ আন এজন নেতা ড° মনসুখ মন্দাভিয়া কংগ্ৰেছৰ ললিত ৱছ’য়াতকৈ ৩ লাখ ৮০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ ৰায়বৰেলি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ দীনেশ প্রতাপ সিঙতকৈ প্ৰায় ৩ লাখ ৪৮ হাজাৰ ভোটত আগবাঢ়ি আছে। কেৰালাৰ ৱায়ানাড সমষ্টিত কংগ্ৰেছৰ ৰাহুল গান্ধী চি পি আইৰ এনি ৰাজাতকৈ ৩ লাখ ৫০ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। অৰুণাচল পশ্চিম সমষ্টিত বিজেপি প্রার্থী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ নাৱাম টুকীতকৈ প্ৰায় ৭৫ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। মহাৰাষ্ট্ৰৰ বাৰামতি সমষ্টিত এন চি পি শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী সুপ্রিয়া চুলে এন চি পিৰ প্ৰাৰ্থী সুনেত্ৰা অজিতদাদা পাৱাৰতকৈ ২০ হাজাৰ ভোটত আগবাঢ়ি আছে। মধ্য প্ৰদেশৰ গুণা সমষ্টিত বিজেপিৰ জ্যোতিৰাদিত্য সিন্ধিয়া কংগ্ৰেছ দলৰ য়াদৱেন্দ্ৰ ৰাও দেশৰাজ সিঙতকৈ ৫ লাখ ২৫ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। গুৰগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ৰাজ বাববৰ নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ ৰাও ইন্দ্ৰজিৎ সিঙতকৈ প্ৰায় ২২ হাজাৰ ভোটত আগবাঢ়ি আছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ ছটপাল ৰায়জাদাতকৈ ১ লাখ ৭৫ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। আনহাতে, মান্দি সমষ্টিত বিজেপিৰ কংগনা ৰাণাৱট কংগ্ৰেছৰ বিক্রমাদিত্য সিঙতকৈ ৭০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিং পাঞ্জাবৰ খৰচাহিব সমষ্টিত ১ লাখ ৪০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং নিকটতম প্রতিদ্বন্দ্বী সমাজবাদী পাৰ্টীৰ ৰৱিদাস মেহৰুট্টাতকৈ প্ৰায় ৫০ হাজাৰ ভোটত আগবাঢ়ি আছে। ৰাজ্যখনৰ আমেথিত বিজেপিৰ জ্যেষ্ঠ নেতা স্মৃতি ইৰাণী নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ কিশোৰী লালতকৈ ১ লাখৰো অধিক ভোটত পিছপৰি আছে। ৰাজ্যখনৰ মেইনপুৰীত সমাজবাদী পাৰ্টীৰ ডিম্পল য়াদৱ বিজেপিৰ জয়বীৰ সিঙতকৈ ১ লাখ ৯০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আনহাতে, উত্তৰ প্ৰদেশৰ মথুৰা সমষ্টিত বিজেপি প্রার্থী হেমা মালিনী কংগ্ৰেছৰ মুকেশ ধাংগাৰতকৈ ২ লাখ ৩৫ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। মধ্য প্ৰদেশৰ বিদিশা সমষ্টিত বিজেপিৰ শিৱৰাজ সিং চৌহান নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰতাপ ভানু শর্মাতকৈ ৭ লাখতকৈ অধিক ভোটত আগবাঢ়ি আছে। ইপিনে, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সাতোখন আসনতে বিজেপিৰ প্রার্থী আগবাঢ়ি আছে।

অধিক পঢ়ক

সকলো চাওক