বিজেপিয়ে আটাইকেইখন আসনত বিজয় সাব্যস্ত কৰিবঃ মোদী

◊ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানো তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে প্ৰথম পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত সক্রিয়ভাৱে প্ৰচাৰ চলাই আছে। বিজেপিয়ে যুদ্ধকালীন ক্ষীপ্ৰতাৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি ৰাজস্থানৰ কোটপুতলিৰ সমীপত ৰাজ্যখনত নিজৰ প্ৰথমখন নির্বাচনী সভাত ভাগ লয়।

তেওঁ কয় যে, বিজেপিয়ে ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ২৫ খন আসনৰ আটাইকেইখনতে জয় লাভ কৰিছিল আৰু এইবাৰো দলে আটাইকেইখন আসনত বিজয় সাব্যস্ত কৰিব। শ্রীমোদীয়ে কয় যে, এইবাৰৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয় বৰং বিকশিত ভাৰত বিকশিত ৰাজস্থানৰ নিৰ্বাচন। আনহাতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গোৱিন্দ সিং দোটাচাৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু দলৰ জ্যেষ্ঠ নেতাসকলে কালি পালি আৰু যোধপুৰত দলীয় প্ৰাৰ্থীৰ মনোনয়ন সমদলক সম্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক