ভাৰতীয় জনতা পাৰ্টীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে কংগ্ৰেছে অনা অনাস্থা প্ৰস্তাৱক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলটোৰ মুখপাত্র সম্বিত পাত্রই এই বুলি অভিযোগ কৰে যে সংসদৰ চলিত অধিৱেশনত কংগ্ৰেছে সংবিধানৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰিছে। তেওঁ এই বুলিও দাবী কৰে যে, কংগ্ৰেছ দল আৰু ইয়াৰ সহযোগী কেইটামান দলে নিৰ্বাচন আয়োগ আৰু ইলেক’ট্রনিক ভোটিং মেচিনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত জনস্বার্থজনিত গোচৰ ৰুজু কৰাৰ পৰিকল্পনা কৰিছে। গান্ধী পৰিয়ালে আমেৰিকাৰ পৰা ধন লৈ দেশখনক অস্থিৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও শ্ৰীপাত্ৰই গুৰুতৰ অভিযোগ উত্থাপন কৰে।
Site Admin | December 11, 2024 9:05 PM | BJP termed no-confidence motion against VP Jagdeep Dhankhar as unfortunate
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে কংগ্ৰেছে অনা অনাস্থা প্ৰস্তাৱ দুৰ্ভাগ্যজনকঃ বিজেপি
