প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে । দলে নতুন সদস্য ভর্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নবীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰিছে । প্রধানমন্ত্ৰীয়ে দলত তেওঁৰ সদস্যপদ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে। আজিৰ পৰা অহা ১০ নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ‘ব। সদস্য ভৰ্তি অভিযানৰ প্ৰথম পর্যায় অহা ২৫ ছেপ্তেম্বৰত সামৰণি পৰিব। ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্র দেশত কমেও ১০ কোটি নতুন সদস্য ভৰ্তিৰ অভিযানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। জনসাধাৰণে মিছড কল অথবা দলৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মঞ্চৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিজেপিয়ে সদস্যতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰু দৰঙাজুলি পৰিষদীয় সমষ্টিত আজি দলটোৱে যোগদান সমাৰোহৰো আয়োজন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দলৰ কেইবাগৰাকীও নেতা-কৰ্মীৰ উপস্থিতিত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ৮৭৫ গৰাকী লোকে দলত যোগ দিয়ে।
Site Admin | September 2, 2024 6:00 PM | BJP memebership