ডাউনলোড
মোবাইল এপ

android apple
signal

February 18, 2025 11:48 AM | BJP meeting

printer

নতুন দিল্লীত কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা

নতুন দিল্লীত কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দলৰ জ্যেষ্ঠ নেতাসকলৰ লগতে বিজেপিৰ নৱনিৰ্বাচিত আটাইকেইটা বিধায়কে অংশগ্ৰহণ কৰিব। দলীয় সূত্ৰৰ তথ্য অনুসৰি বৈঠকৰ সময়ত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান চলিত মাহৰ ২০ তাৰিখে নতুন দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ বিষয়েও সূত্ৰটোৱে প্রকাশ কৰে। ইপিনে নতুন দিল্লীত কালি দিল্লী বিজেপি নেতাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাৱড়ে আৰু দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাৰ লগতে দলৰ আন আন নেতাসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক