ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি ৰূপায়ণ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে আজি বশিষ্ঠত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৱাৰ্ড পাৰিষদসকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ দলীয় কার্যকর্তাসকলক আহ্বান জনায়। ইপিনে এই অভিযানৰ অংশ হিচাপে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত ১০ খন জিলাৰ দলীয় সভাপতি, মণ্ডল সভাপতি আৰু সদস্য ভৰ্তি অভিযানৰ কৰ্ম-কৰ্তাসকলৰ সৈতে ভিডিঅ‘ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনা কৰে। তেওঁ লগতে এই অভিযানৰ সবিশেষ বুজ লৈ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, আজি এই অভিযানৰ অংশ হিচাপে দলীয় নেতৃত্বই ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ ১০ খন জিলাৰ তদাৰকৰ দায়িত্ব তেওঁক অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে দলটোৰ সৈতে জনসম্পর্ক শক্তিশালী কৰিবলৈ নতুন সদস্য ভর্তি অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলো কার্যকর্তাক আহ্বান জনায়।
Site Admin | September 9, 2024 8:11 PM | BJP meeting