ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকৰ বিজেপিৰ সদস্য ভৰ্তি অভিযানত যোগদানৰ বাবে মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত সদস্য ভৰ্তি অভিযানৰ পৰ্যালোচনা কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশতে অব্যাহত থকা সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত দেশৰ ভিতৰত ৮৫ শতাংশ সদস্য ভৰ্তিৰ লক্ষ্য প্রাপ্তিৰে বিশেষ নজিৰ স্থাপন কৰিছে। এইক্ষেত্ৰত অসম সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থানত থকা বুলি তেওঁ অৱগত কৰে। ইয়াৰ উপৰি ৰাজ্যৰ ৭১ টা বিধানসভা সমষ্টিত নিৰ্ধাৰিত ৪০ হাজাৰতকৈ অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অহা ৯ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ ৯০টাৰো অধিক বিধানসভা সমষ্টিত ৪০ হাজাৰৰো অধিক সদস্যভর্তি কৰিবলৈ সমৰ্থ হ’ব। জালুকবাৰী বিধানসভা সমষ্টিৰ কেইবালাখ লোকে বিজেপিৰ সদস্যপদ গ্রহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে সদস্য ভৰ্তি অভিযানৰ অধীনত বৰ্তমান ডিব্ৰুগড় জিলা শীৰ্ষত আছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যিক বিজেপিয়ে কালি আয়োজন কৰা পৰ্যালোচনা বৈঠকত সদস্য ভর্তি অভিযান সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়। এই বৈঠকতে দলটোৰ সদস্যভর্তি অভিযানৰ দ্বিতীয় পৰ্যায় অফলাইন প্ৰক্ৰিয়াৰে আৰম্ভ হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক