ভাৰতীয় জনতা পাৰ্টীয়ে নীট ইউ জি পৰীক্ষা আৰু ২০২৪-২৫ বৰ্ষৰ বাজেটক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী দলসমূহক কঠোৰ সমালোচনা কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ মেলত জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয় যে, নীটৰ পৱিত্ৰতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাই বুলি উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়দানত স্পষ্ট কৰি দিয়া সত্ত্বেও বিৰোধী দলসমূহে দেশবাসীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছে। পৰীক্ষাটোত অনিয়ম সংঘটিত হোৱা বুলি জানিব পৰাৰ লগে লগে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, এইক্ষেত্ৰত তাৎক্ষণিকভাৱে চি বি আইৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত বিশ্ববাসীৰ ওচৰত ভাৰতৰ এখন নেতিবাচক ছবি দাঙি ধৰা বুলি অভিযোগ কৰি নেতাগৰাকীয়ে কয় যে, ৰাষ্ট্ৰীয় প্ৰৱেশ তথা যোগ্যতা পৰীক্ষাৰ ক্ষেত্ৰত বিৰোধী দলসমূহে গ্রহণ কৰা ভূমিকাক বিজেপিয়ে গৰিহণা দিছে।
আনহাতে ২০২৪-২৫ বৰ্ষৰ বাজেটৰ সন্দৰ্ভত বিৰোধী দলসমূহে প্ৰকাশ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰী প্ৰসাদে কয় যে, এই বাজেটখন সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। বিৰোধী দলসমূহে বাজেটখন অধ্যয়ন কৰি ইয়াক বুজিবলৈ চেষ্টা কৰা উচিত বুলি তেওঁ মতপ্রকাশ কৰে।