লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত অসমবাসীক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ধন্যবাদ

ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনত অসমৰ ৯খন আসন দখল কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। বাজপেয়ী ভৱনত কালি অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি শ্রীকলিতাই লগতে মিত্ৰজোঁটৰ আন ৰাজনৈতিক দলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে শতাধিক আসন লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এই ৰাজ্যৰ ৯৪টা বিধানসভা সমষ্টিত ভোট লাভৰ দিশত শীৰ্ষস্থানত আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে, ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচন সন্দৰ্ভত কেন্দ্ৰত চৰকাৰ গঠনৰ পাছতে আলোচনা কৰা হ’ব।

ইপিনে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই নিৰ্বাচনী ফলাফলৰ পাছতে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। আশা কৰা অনুযায়ী আসন লাভ নকৰিলেও এই নিৰ্বাচনত কংগ্ৰেছৰ নৈতিক জয় হোৱা বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবৰ বাবে আঞ্চলিক দলসমূহক বিৰোধী ঐক্য মঞ্চত যোগ দিবলৈ তেওঁ লগতে আহ্বান জনায়।

যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে কালি মাজুলীবাসী আৰু দলীয় নেতা-কৰ্মীক ধন্যবাদ জনায়। মাজুলীৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বিষয়ববীয়াৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি মাজুলীৰ পৰাই ২০২৬ত দিছপুৰ দখলৰ পণ গ্ৰহণ কৰা বুলি শ্ৰীগগৈয়ে প্ৰকাশ কৰে। তেওঁ লগতে মাজুলীৰ বিজেপি বিধায়ক ভুবন গামক সমালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক