কংগ্ৰেছে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপৰ বাবে বিদেশী শক্তিৰ সমৰ্থন গ্ৰহণ কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰে। দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতা গৌৰৱ ভাটিয়াই কয় যে নির্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ বাবে আমেৰিকাৰ সাহায্য গ্ৰহণ কৰা হৈছে। বিদেশী শক্তিৰ সমৰ্থন পালেও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছে কেতিয়াও পৰাভুত কৰিব নোৱাৰিব বুলি শ্রীভাটিয়াই মত প্রকাশ কৰে।
ইপিনে, কংগ্ৰেছ নেতা পৱন খেৰাই আমেৰিকাৰ পৰা কংগ্ৰেছে ২১ মিলিয়ন ডলাৰ আৰ্থিক সাহায্য গ্রহণ কৰা বুলি বিজেপিয়ে অপপ্ৰচাৰ চলোৱা বুলি প্ৰকাশ কৰে। এই ধনৰাশি বাংলাদেশৰ স্বেচ্ছাসেৱী সংগঠনলৈ যোৱা বুলিও শ্রীখেৰাই দাবী কৰে ।