ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুমুখী বিকাশৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাটাও অভিলাষী প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনত ১৪০ কোটি ৬৯ লাখ টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ ১০ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৱৰ্ত ভৱনৰ আজি উদ্বোধন কৰে।
মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰা ১৫ কোটি ৫৭ লাখ টকা ব্যয়ৰে নিৰ্মিত বিশ্বনাথৰ স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষা কেন্দ্ৰটো দক্ষিণ-পূব এছিয়াৰ প্ৰথমটো এনে ধৰণৰ কেন্দ্ৰ আৰু যোৰহাটত শীঘ্ৰেই আন এটা কেন্দ্ৰ মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। বিশ্বনাথৰ এই কেন্দ্ৰটোৱে জিলাখনৰ লগতে শোণিতপুৰ আৰু লখিমপুৰ জিলাৰ বাবে সেৱা আগবঢ়াব। ইয়াৰ ফলত জিলাকেইখনত মেনুৱেল ফিটনেছ পৰীক্ষা সম্পূৰ্ণৰূপে নোহোৱা হ’ব। ৰূপান্তৰমুখী এই পদক্ষেপে গাড়ীৰ গৰাকীসকলক সহায় কৰিব বুলিও ড০ শৰ্মাই মন্তব্য কৰে।
ড০ শৰ্মাই আজি কেন্দ্ৰটো উদ্বোধনৰ পাছত পৰিবহণ বিভাগ আৰু কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা কোম্পানীটোৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। এক কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা জনজাতীয় জিৰণি গৃহ আৰু অতিৰিক্ত সহকাৰী আয়ুক্তৰ আবাসগৃহটো উদ্বোধন কৰে। ৯১ লাখ টকা ব্যয়ৰে এই গৃহটো নিৰ্মাণ কৰা হৈছে। ড০ শৰ্মাই বিধানসভা সমষ্টিসমূহত স্থাপন কৰিবলগীয়া ড্রাইভিং স্কুলৰ বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে।
দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে আজি বিশ্বনাথঘাটৰ পৰা ওমা টুমনি নদী দ্বীপ সংযোগী ৰজ্জু পথ নিৰ্মাণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰে। ৰাজ্যৰ অন্যতম পর্যটন কেন্দ্ৰ গুপ্তকাশী হিচাপে জনাজাত এই দ্বীপটোলৈ যাত্ৰা সুগম কৰাৰ বাবে ৫৮ কোটি ৮১ লাখ টকা ব্যয়ৰে এই প্রকল্প সম্পূৰ্ণ কৰা হ’ব। অহা মাহৰ প্ৰথম সপ্তাহত এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব আৰু দুবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে।
ড০ শৰ্মাই বিশ্বনাথৰ বৰগাঙৰ ধেমাজিবাৰীত নতুন ঔদ্যোগীক পামৰ আধাৰশিলাও স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে বৰঙাবাৰীৰ ছহিদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তৰ্পণ কৰাৰ পাছতে জি এম এম বিদ্যালয় আৰু পেৰামেডিকেল প্রতিষ্ঠান মুকলি কৰে। ই অনুষ্ঠানৰ পাছতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে অহা ৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে।