ডাউনলোড
মোবাইল এপ

android apple
signal

লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত

আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক বিষ্ণু ৰাভাৰ আদর্শেৰে পৰিচালিত হ’বলৈ আহ্বান জনাইছে। এই কার্যসূচীতে বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰা হৈছে। তদুপৰি অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা ৯ গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু ৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হৈছে। ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্র নির্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হৈছে। আনহাতে, ৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটাও প্ৰদান কৰা হৈছে। এই অনুষ্ঠানত বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্রী অশোক সিংহল, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি দিনৰ ১০ বজাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু কবিতা প্রতিযোগিতা অনুষ্ঠিত হৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৬ সংখ্যক স্মৃতি দিৱসত তেজপুৰৰ বিধায়ক তথা শিল্পীগৰাকীৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই কেতেকীবাৰীত থকা শিল্পীজনাৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রও শ্রদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে।

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰীতো দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে ৰাভা দিৱসৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিষ্ণু ৰাভাৰ গীত, কবিতা, আবৃতি প্রতিযোগিতাৰ লগতে আলোচনাচক্রও অনুষ্ঠিত হয়। ৰাজ্যৰ আন ঠাইৰ লগতে আজি গোৱালপাৰা জিলাতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। একেদৰে নিখিল ৰাভা ছাত্ৰ সন্থাই কৃষ্ণাইৰ শালপাৰাত কেন্দ্ৰীয়ভাৱে আৰু জিলা প্ৰশাসনে নটসূৰ্য ফণী শৰ্মা ভৱনত ৰাভা দিৱস পালন কৰিছে। তিনিচুকীয়াতো জিলা আয়ুক্তৰ কাৰ্যালয়ত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয়। সাংস্কৃতিক মহাসংগ্রাম ২০২৪ত তিনিচুকীয়া জিলাৰ স্থানপ্রাপ্ত প্রতিযোগীসকলে বিষ্ণুৰাভা সংগীত পৰিবেশন কৰে। অনুষ্ঠানত শ্রম মন্ত্ৰী সঞ্জয় কিষাণ, জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত আদিকে ধৰি বহু লোক উপস্থিত থাকে। মাজুলী জিলাতো আজি বহু ঠাইত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱসৰ আয়োজন কৰিছে। নামনি মাজুলীৰ গোৱালগাঁও তৰুণ নাট্য সমাজ আৰু তৰুণ নাট্য ক্লাৱৰ উদ্যোগত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন প্রতিযোগিতা, বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ইফালে, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মাজুলী জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ উদ্যোগত কমাৰগাঁও ৰূপালী যুৱক সংঘ আৰু শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়। গোলাঘাট জিলাৰ ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত আজি সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত ৰাভা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃতি, চিত্ৰাংকন, ৰাভা সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ক্রীড়া, কৃষি আৰু সাংস্কৃতিক ক্ষেত্ৰত অৱদান আগবঢ়োৱা জিলাখনৰ কেইবাজনো লোকক সম্বৰ্দ্ধনা জনোৱা হয়।

অধিক পঢ়ক

সকলো চাওক