ডাউনলোড
মোবাইল এপ

android apple
signal

June 6, 2024 8:24 PM | Birubala Rabha

printer

বীৰুবালা ৰাভাৰ মৃত্যু দিনটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

সমাজ সংস্কাৰক তথা ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া সংগ্রামী বীৰুবালা ৰাভাৰ মৃত্যু দিনটো অর্থাৎ ১৩ মে’ত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে তেওঁ আজি গোৱালপাৰা জিলাৰ ঠাকুৰবিলাত থকা প্ৰয়াত বীৰুবালা ৰাভাৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। বীৰুবালা ৰাভাৰ আদৰ্শক সৰোগত কৰি কুসংস্কাৰৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰখাটো সকলোৰে দায়িত্ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । লগতে পৰিয়ালৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মিছন বীৰুবালা শক্তিশালী কৰা আৰু ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰাত ৰাজ্য চৰকাৰে সহায় কৰিব বুলি তেওঁ কয়। প্রয়াত ৰাভাৰ নামৰ অক্ষয় বন্তি জ্বলাই ৰখাৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশ্বাস দিয়ে।

অধিক পঢ়ক

সকলো চাওক