মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগপত্র দাখিল কৰে। শ্রীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক আৰু প্ৰদেশ বিজেপিৰ অধ্যক্ষ এ সাৰদা তথা বিজেপি সাংসদ তথা বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী সম্বিত পাত্ৰ আছিল।
পদত্যাগ পত্ৰত শ্ৰীসিঙে উল্লেখ কৰে যে মণিপুৰবাসীৰ সেৱা কৰিবলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ কথা। মণিপুৰৱাসীৰ হিতৰ বাবে ৰাজ্যখনত ৰূপায়ণ কৰা বিভিন্ন আঁচনি তথা বিকাশৰ বাবে তেও কেন্দ্ৰীয় চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, ৰাজ্যখনত অব্যাহত থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতেই এন বীৰেণ সিঙে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ নেতৃত্বৰ সৈতে বৈঠকত অংশলোৱাৰ পাছত কালি সাংসদ সম্বিত পাত্ৰৰ সৈতে ইম্ফলত উপস্থিত হৈছিল।
ইপিনে, কালি তেওঁ মিত্ৰজোঁটৰ বিধায়কসকলৰ এখন বৈঠকো আহ্বান কৰে। বৈঠকত আজি আৰম্ভ হ‘বলগীয়া মণিপুৰ বিধানসভা অধিৱেশন আৰু বিৰোধী দল কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয় ৷