October 23, 2024 11:26 AM | BRICS Summit

printer

ব্ৰিকছ শীৰ্ষ সন্মিলনত আজি শ্বি জিনপিঙৰ সৈতে প্রধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ আপাহতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত তহল ব্যৱস্থাপনা সন্দৰ্ভত দুয়োখন দেশ এখন চুক্তিত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত বিগত ২২ বছৰত এয়া প্ৰথমখন সুপৰিকল্পিত বৈঠক হ’ব। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতা ২০২৩ বৰ্ষত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ শীর্ষ সন্মিলনৰ আপাহতে বৈঠকত মিলিত হৈছিল আৰু বৈঠকত শ্ৰীমোদীয়ে ভাৰত-চীন সীমান্ত এলেকাৰ পশ্চিম খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অমীমাংসিত বিষয়সমূহক লৈ উদ্বেগ প্রকাশ কৰিছিল। শ্রীমোদীয়ে ব্রিকছ শীর্ষ সন্মিলনক সম্বোধন কৰিব। শ্রীমোদীয়ে কালি ৰাছিয়া আৰু ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত শ্রীমোদীয়ে দেশ দুখনৰ বিষয়সমূহ শান্তিপূর্ণ পন্থাৰে সমাধানৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। শ্ৰীপুটিনৰ সৈতে হোৱা বৈঠকত প্রধানমন্ত্ৰীয়ে কয় যে ৰাছিয়া-ইউক্রেইনৰ মাজৰ সংঘাতৰ শান্তিপূর্ণ সমাধানত সহায় কৰিবলৈ ভাৰত সাজু। বিদেশ সচিব বিক্রম মিশ্রীয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্রধানমন্ত্ৰী মোদীয়ে ইউক্রেইনৰ নেতৃবৰ্গৰ সৈতে হোৱা বৈঠকৰ বিষয়ে পুটিনক অৱগত কৰে আৰু ভাৰত অঞ্চলটোৰ শান্তি ঘূৰাই অনাৰ বাবে আৱদান আগবঢ়াবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে । শ্ৰীমোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি মছুদ পেজেশ্বকিয়নক সাক্ষাৎ কৰে আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ আলোচনা কৰে। বিদেশ সচিব বিক্রম মিশ্রীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয় যে বৈঠকত শ্রীমোদীয়ে বর্ধিত উত্তেজনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু অসামৰিক লোকসকলৰ সুৰক্ষাৰ আৱশ্যকতা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীৰ কথা দোহাৰে। তেওঁ লগতে উত্তেজনা হ্ৰাস কৰাৰ বাবে আলোচনা আৰু কূটনৈতিক পন্থাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। শ্ৰীমিশ্ৰীয়ে কয় যে দুয়োগৰাকী নেতাই আফগানিস্তানৰ বিষয়েও আলোচনা কৰে আৰু দেশখনৰ জনসাধাৰণলৈ মানৱীয় সাহায্য অব্যাহত ৰখাৰ লগতে অঞ্চলটোত শান্তি, সুস্থিৰতা বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। শ্রীমোদীয়ে লগতে ইৰাণৰ সৈতে থকা প্ৰাচীন দ্বিপাক্ষিক সম্পর্কক গভীৰ কৰি তুলিবলৈ ভাৰতৰ প্রতিশ্রুতিবদ্ধতাৰ বিষয়ে প্ৰকাশ কৰে। বিদেশ সচিবগৰাকীয়ে লগতে কয় যে দুয়োগৰাকী নেতাই ছাবাহাৰ বন্দৰ আৰু আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহন কৰিড’ৰকে ধৰি সহযোগিতাৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্র সম্পৰ্কে আলোচনা কৰে। আমাৰ সংবাদদাতাই কাজানৰ পৰা জনাইছে যে ভাৰত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শান্তি স্থাপনকাৰী দেশ ৰূপে পৰিগণিত হৈছে।

অধিক পঢ়ক

সকলো চাওক