প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে থাইলেণ্ডৰ বেংককলৈ যাব। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ন চীনাৱাট্টাৰ আমন্ত্ৰণ মৰ্মে শ্ৰী মোদী দেশখনলৈ যাব। এয়া হ’ব তেওঁৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। এই সন্মিলনত BIMSTEC ৰাষ্ট্ৰসংঘৰ মাজত সহযোগিতা বৃদ্ধিৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছত ৪ এপ্ৰিলত প্রধানমন্ত্ৰীগৰাকী তিনি দিনীয়া ভ্ৰমণসূচীৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ যাব। এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি দিশানায়কেৰ সৈতে দেশখনৰ সৈতে থকা পূৰ্বৰ সহযোগিতামূলক ক্ষেত্ৰসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। শ্রী মোদীয়ে লগতে দেশখনৰ জ্যেষ্ঠ প্রতিনিধি তথা ৰাজনৈতিক নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব।
Site Admin | March 28, 2025 7:04 PM | PM
ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত প্রধানমন্ত্ৰী বেংককলৈ ৰাওনা
