ৰাজ্যৰ ১২৯ খন বিল পুনৰ উদ্ধাৰ আৰু উজ্জীৱিত কৰাৰ বাবে ৭৯৬ কোটি টকা ব্যয় সাপেক্ষ এখন আঁচনি প্ৰস্তুত কৰা হৈছে। এই আঁচনিখনে তিনি হাজাৰ ৮০০ হেক্টৰ ভূমি সামৰি ল‘ব। ৰাজ্যৰ বিলসমূহ পুনৰ উজ্জীৱিত কৰি বান সমস্যাৰ মোকাবিলা কৰাৰ এক অভিলাসী আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিখনৰ আন এটা উদ্দেশ্য হৈছে ৰাজ্যৰ মাছৰ উৎপাদন বৃদ্ধি কৰা। এই আঁচনিৰ অধীনত ইতিমধ্যে ১৯০ খন বিল বাছনি কৰা হৈছে যদিও প্রথম পৰ্যায়ত ১২৯ খন বিলক আঁচনিখনে সামৰি ল‘ব। বিলসমূহত খনন চলাই পানীধাৰণ ক্ষমতা বৃদ্ধি কৰি উজ্জীৱিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
Site Admin | October 14, 2024 12:11 PM | bill