ৰাজ্য চৰকাৰৰ উদ্যোগত আজি শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰে পৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। একেদৰে ড° বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃৰ্তিত্ব অৰ্জন কৰা শিক্ষাৰ্থীক স্কুটী বিতৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদানৰ শুভাৰম্ভ কৰাৰ পাছত পৰৱৰ্তী সময়ত প্ৰতিখন জিলাতে এই বঁটাসমূহ প্ৰদান কৰা হ’ব। আনহাতে, ড° বাণীকান্ত কাকতি বঁটা প্ৰদান কাৰ্যসূচীৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক স্কুটী প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। চলিত বছৰত মুঠ ৪৮ হাজাৰ ৬৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষা বিভাগে এই বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰদান অনুষ্ঠানতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয়, যে যিসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যৰ বাহিৰৰ মহাবিদ্যালয়ৰ লগতে আন ক’চিং কৰিবলৈ গৈছে তেওঁলোকে এই বঁটা নাপাব। অসমৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিলেহে এই বঁটাৰ বাবে বিবেচিত হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে। আজিৰ অনুষ্ঠানতে কামৰূপ জিলাৰ ২ হাজাৰ ৭৩৫খন আৰু কামৰূপ মহানগৰ জিলাত ২ হাজাৰ ৯০৭ খন স্কুটী বিতৰণ কৰা হয়।
একেটা অনুষ্ঠানতে ৰাজ্য চৰকাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে দুর্যোগত ক্ষতিগ্রস্ত পৰিয়াললৈও সাহায্য প্ৰদান কৰা হয়। লগতে কৃষি, মীন, পশুপালন আৰু পশুচিকিৎসা খণ্ডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য তথা ৰাজ্যৰ মাইক্ৰ’ফাইনেন্সৰ ঋণীক No Dues Certificate প্ৰদান কৰা হয়।
একেটা কাৰ্যসূচীৰে অংশ হিচাপে যোৰহাট ষ্টেডিয়ামত আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২ হাজাৰ ১১৮ গৰাকী ছাত্ৰীৰ ভিতৰত ১০ গৰাকীক মন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে স্কুটীৰ ছাবি প্ৰদান কৰে। জিলাখনত ৮ হাজাৰ ৫০৬ গৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হ’ব।