ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ কেইবাখনো জিলাত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচী; গোলাঘাটত ঋণগ্ৰস্তক ঋণ ৰেহাই প্ৰমাণপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশস্বৰূপে কেইবাখনো জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ লগতে কেইবাখনো আঁচনিৰ সাহায্য তথা অনুদান বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উপস্থিত থাকি অসম মাইক্ৰ’ ফাইনেন্স উদ্গণি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় বৰ্গৰ ৫ হাজাৰ ১১৯ গৰাকী ঋণগ্ৰস্তক ঋণ ৰেহাই প্ৰমাণ পত্ৰ বিতৰণ কৰে। একেটা অনুষ্ঠানতে প্রধানমন্ত্রী ক্ষুদ্র খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত ১৮৯ গৰাকীলৈ মূলধনী বিনিয়োগৰ ৰাজসাহায্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্যোগত ক্ষতিগ্রস্ত ২ হাজাৰ ১১টা পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰে। গোলাঘাটৰ সাহায্য বিতৰণী অনুষ্ঠানৰ লগতে এখন জনসভাত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বৰ চৰকাৰৰ নিযুক্তিৰ বিপৰীতে এতিয়া চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগৰ পৰীক্ষা আৰু অন্যান্য নিযুক্তিসমূহ সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা হোৱা বুলি মন্তব্য কৰে।

গোলাঘাটৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অতুল বৰা আৰু অজন্তা নেওগেও অংশগ্ৰহণ কৰে। ড° শৰ্মাই গোলাঘাটত নির্মীয়মান গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু জিলা আয়ুক্ত কাৰ্যালয়ো পৰিদৰ্শন কৰে। গোলাঘাটৰ বগৰিজেঙত নিৰ্মাণ হৈ থকা চিকিৎসালয় মহাবিদ্যালয়খন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে ২০২৫ চনত কাম সম্পূৰ্ণ হ’ব বুলি কয়। লগতে ২০২৬ চনৰ পৰা চিকিৎ‍সা মহাবিদ্যালয়ত চিকিৎসা সেৱাৰ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা হ’ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ৮৫২ কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবলগীয়া মহাবিদ্যালয়খনৰ ইতিমধ্যে ৫২ শতাংশ কাম সম্পূৰ্ণ হৈছে।

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত তিনিচুকীয়াৰ বৰগুৰিত থকা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ শ্ৰম তথা চাহ শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তিনিচুকীয়া জিলাৰ ৬০৪ গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা হিচাপে নগদ ১২ হাজাৰ ৫০০ টকা আৰু এহেজাৰ ৭৪২ জন শিক্ষার্থীক বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটী প্রদান কৰা হয়। এই অনুষ্ঠানতে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়৷

ইপিনে, মৰিগাঁও জিলাৰ তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত বিকাশৰ ১২ দিন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ উদ্যোগত প্রাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত মৰিগাঁও জিলাৰ ৩২ হাজাৰ ৬৪৪টা পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰা হয়৷ একেদৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত প্রধানমন্ত্রী ক্ষুদ্র খাদ্য প্ৰসংস্কৰণৰ উদ্যোগত প্ৰাৰম্ভিক আৰু মূলধন বিতৰণ আঁচনিৰ অন্তৰ্গত ৯৫ টা আত্মসহায়ক গোটক আর্থিক সাহায্য প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে বিত্ত বিভাগৰ উদ্যোগত মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই আঁচনিৰ জৰিয়তে জিলাখনৰ ৩ হাজাৰ ৯২৫ গৰাকী মহিলাক ঋণ ৰেহাই প্ৰমাণ পত্ৰ দিয়া হয়।

তামুলপুৰত অনুষ্ঠিত বিকাশৰ ১২ দিন অনুষ্ঠানৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ ৬৬৮ গৰাকী শিক্ষাৰ্থীক ড° বাণীকান্ত কাকতি মেধা বঁটা, ৩৯৮ গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা আৰু মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ৫ হাজাৰ ৪২০ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে চাইকেল প্ৰদান কৰে।

হাইলাকান্দিত আয়োজিত চৰকাৰৰ বিকাশৰ ১২ দিনৰ অনুষ্ঠানত বৰাক উন্নয়ন মন্ত্ৰী কৌশিক ৰায় মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৭৩০ গৰাকী শিক্ষাৰ্থীক বাণীকান্ত কাকতি বঁটা, ৫৬৯ গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা আৰু ৬ হেজাৰ ৭৮০ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কৰে।

অধিক পঢ়ক

সকলো চাওক