ডাউনলোড
মোবাইল এপ

android apple
signal

December 19, 2024 12:43 PM | Bikash 12 days

printer

বিকাশৰ ১২ দিন কাৰ্যসূচীত আজি ৰাজ্যৰ কেইবাখনো জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ-পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰে অসমৰ সামগ্ৰীক বিকাশ আৰু জনতাৰ জীৱনৰ মান উন্নীতকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ, শিৱসাগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হব ।

অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত– কামৰূপ মহানগৰত ৬১২ গৰাকী, শিৱসাগৰত ২,৮৪৫, শোণিতপুৰত ৩,১৪০ আৰু পশ্চিম কাৰ্বি আংলঙত ৩৫ গৰাকী- তৃতীয়বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হব। একেদৰে প্ৰধানমন্ত্রী ক্ষুদ্র খাদ্য সংশাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলাত ৬৮ গৰাকী, শিৱসাগৰত ৮৬ গৰাকী, শোণিতপুৰত ১৭৩ আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৪২ গৰাকী ব্যক্তিলৈ মূলধনী বিনিয়োগৰ ওপৰত ৰাজ সাহায্য আগবঢ়োৱা হব। ইয়াৰ লগতে শিৱসাগৰত ১৮৬টা, শোণিতপুৰত ৩ আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৫টা দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আজি আর্থিক সাহায্য প্ৰদান কৰা হব ।

কামৰূপ মহানগৰ জিলাৰ অনুষ্ঠানটিত কৃষিমন্ত্ৰী অতুল বৰা, শোণিতপুৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহাল আৰু শিৱসাগৰ জিলাত পৰিবহণ মন্ত্রী যোগেন মহন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

আনহাতে পশ্চিম কাৰ্বি আংলং জিলাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ২০১ গৰাকী শিক্ষাৰ্থীক স্কুটাৰ, মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ৩,o৬৮ গৰাকী শিক্ষাৰ্থীক চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে ১১১ গৰাকী শিক্ষাৰ্থীক নগদ পুৰস্কাৰ প্ৰদান কৰা হব। এই কার্যসূচীত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি ৰূপে উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক