বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰে ।
চিৰাং জিলাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু সকাহ আঁচনিৰ অধীনত ৫২৩ গৰাকী মহিলাক ঋণমুক্তি প্ৰমাণপত্ৰ বিতৰণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীলৈ আৰ্থিক সাহায্য প্ৰদান কৰে। তেওঁ লগতে আত্মসহায়ক গোটৰ খাদ্য প্ৰসংস্কৰণৰ লগত জড়িত ১২ গৰাকী মহিলাৰ মাজত প্ৰাৰম্ভিক মূলধন বিতৰণ কৰে।
কাৰ্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছ’ত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ২৭৪ গৰাকী কৃতি শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটাৰ চেক বিতৰণ কৰাৰ লগতে ৫১৭ গৰাকী ছাত্র-ছাত্রীক ডº বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটী আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ৫ হাজাৰ ৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে।
দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই এই উপলক্ষে আয়োজিত কাৰ্যসূচীত ৭ হাজাৰ ৪৫২টা বানত ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে খাদ্য প্ৰসংস্কৰণৰ লগত জড়িত ৪১টা আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত প্ৰাৰম্ভিক মূলধন বিতৰণ কৰে।
শিৱসাগৰ জিলাত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এহেজাৰ ৭৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ডº বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটী বিতৰণ কৰাৰ লগতে এহেজাৰ ১৪১ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ পুৰস্কাৰ প্ৰদান কৰে। একেটা অনুষ্ঠানতে শ্রীপেগুৱে মুখ্যমন্ত্রী বিকাশ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ৭ হাজাৰ ২৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে।
মাজুলীত বিকাশৰ ১২ দিনৰ অনুষ্ঠানত মন্ত্ৰী নন্দিতা গালোচাই অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীসকলৰ মাজত বিভিন্ন বঁটা তথা আর্থিক সাহায্য বিতৰণ কৰে।
ধুবুৰী জিলাত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী অতুল বৰাই কয়, যে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা আৰু উন্নতিৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। চৰকাৰে গুণগত শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই আজি জিলাখনৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত ডº বাণীকান্ত কাকতি বঁটাকে ধৰি অন্যান্য বঁটাসমূহ প্ৰদান কৰে।