ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন অনুষ্ঠানৰ অংশ হিচাপে আজি বৰপেটা জিলাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, যে জনসাধাৰণৰ উন্নয়ন সাধনেই হৈছে বৰ্তমানৰ চৰকাৰৰ উদ্দেশ্য। ৰাজ্যৰ জনসাধাৰণৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে বিভিন্ন শিতানৰ ২৫ লাখৰো অধিক হিতাধিকাৰীক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শ্ৰীবৰুৱাই অসম ক্ষুদ্র বিত্তীয় প্রতিষ্ঠান আৰু সকাহ আঁচনিৰ অধীনত ২ হাজাৰ ৪৮ গৰাকী মহিলাক ঋণমুক্তি প্ৰমাণপত্ৰ বিতৰণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীলৈ আৰ্থিক সাহায্য প্ৰদান কৰে। তেওঁ লগতে আত্মসহায়ক গোটৰ খাদ্য প্ৰসংস্কৰণৰ লগত জড়িত ১৮০ গৰাকী মহিলাক প্ৰাৰম্ভিক মূলধন প্রদান কৰে ৷
চিৰাং জিলাত জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কৃতি শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটাৰ চেক বিতৰণ কৰাৰ লগতে ৫৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৬০ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটী আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৫ হাজাৰ ৯৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে ৷
ধুবুৰী জিলাতো এই উপলক্ষে আয়োজিত কাৰ্যসূচীত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে মহিলাসকলৰ মাজত ঋণমুক্তি প্ৰমাণপত্ৰ বিতৰণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীলৈ আৰ্থিক সাহায্য প্ৰদান কৰে ।
চৰাইদেউ জিলাত অনুষ্ঠিত বিকাশৰ ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই কয়, যে ৰাজ্য চৰকাৰে বিভিন্ন বঁটা প্ৰদানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ দিশত সহায় কৰি আহিছে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সম্পূর্ণ নিষ্ঠা, একাগ্ৰতা আৰু অধ্যৱসায়ৰ জৰিয়তে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ আৰু সমাজৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ ৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক ৬০ বাণীকান্ত কাকতি মেধা বঁটা, ৩৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা আৰু নৱম শ্ৰেণীত অধ্যয়নৰত ৪ হাজাৰ ১১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে।
দৰং জিলাৰ মঙলদৈ গান্ধী ময়দানত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা আৰু আন্যান্য বিশিষ্ট ব্যক্তিসকলে অসম মাইক্ৰ‘ফাইনেন্স আৰু সকাহ আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত ঋণমুক্তি প্ৰমাণপত্ৰ বিতৰণ কৰে।
বঙাইগাঁও জিলাত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিকাশৰ ১২ দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটা, ডº বাণীকান্ত কাকতি মেধা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ডº বাণীকান্ত কাকতিৰ মহান আদৰ্শৰে অনুপ্রাণিত হ‘বলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়।