ডাউনলোড
মোবাইল এপ

android apple
signal

April 12, 2025 12:57 PM | Assam Bihu

printer

হেঁপাহৰ ৰঙালী বিহুলৈ ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ- উদ্দীপনা বিৰাজ

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ- উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱটি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীত বিহুৰ প্ৰস্তুতি অব্যাহত থকাৰ লগতে অসমীয়া নৱবৰ্ষৰ বাবে নতুন সাজ-পাৰ ক্ৰয় কৰি আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। আনহাতে, ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কর্মশালাসমূহ প্রায় অন্তিম পৰ্যায়ত উপনীত হৈছে।

হোজাইৰ কাকিত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কৰ্মশালাৰ কালি অন্ত পৰে। কৰ্মশালাৰ অন্তত মৰিগাঁৱৰ ৫ গৰাকী বিহুৰ প্ৰশিক্ষকৰ লগতে জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷

অধিক পঢ়ক

সকলো চাওক